অসম লাইভ ২৪ঃ বলীউডৰ অভিনেতা ছনু ছুডৰ মহানুভৱতা। এইবাৰ ছনু ছুডে সহায় কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা এগৰাকী ৮৫ বছৰীয়া আইতাক। তৰুণ বালা পাঠক নামৰ আইতাগৰাকীয়ে কোভিডত আক্ৰান্ত হৈ ভৰ্তি হৈছিল gmchত। দেওবাৰে নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ডাক্তৰে তেওঁক icuত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে। পিছে সেই সময়ত হাস্পতালত এখনো icu বেড খালী নাই বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই। উপায়ান্তৰ হৈ তৰুণ বালা পাঠকৰ নাতিনীয়েকে বলীউডৰ অভিনেতা ছনু ছুডলৈ সহায় বিচাৰি এক টুইট কৰে। আশ্চৰ্যজনকভাৱে টুইটৰ কিছু সময়ৰ পাছতে gmchত icu বেড লাভ কৰে আইতাগৰাকীয়ে। কিছু সময়ৰ পাছতেই ৰি টুইট কৰি আইতাগৰাকীৰ বাবে icu বেড যোগাৰ কৰাৰ কথা জানিবলৈ দিয়ে ছনু ছুডে। অভিনেতাগৰাকীৰ এই মহানুভৱতা এতিয়া একেমুখে স্বীকাৰ কৰিছে সকলোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ