অসম লাইভ২৪ঃ কভিডৰ সময়ৰে পৰাই বলীউড অভিনেতা চনু চুদ দেশৰ সকলো প্ৰান্তৰ লোকৰেই এটা চিনাকি নাম। অভিনয়েৰে নাজানিলেও দৰিদ্ৰৰ ভগবান বুলি প্ৰায়সংখ্যকেই চিনি পায় চনু চুদক। চনু চুদে একাংশৰ বাবে ভগৱান কিয়? সেই কথা বিশ্লেষণেৰে প্ৰমান দিয়াতকৈ তেওঁৰ কৰ্মৰাজীলৈ এবাৰ ভুমুকিয়াই চালেই সহজেই অনুমেয়।
তেওঁ দৰিদ্ৰৰ বাবে ভগৱান! সেই কথাৰ প্ৰমাণ শেহতীয়াকৈ পুনৰ দিলে দয়াৱান অভিনেতা গৰাকীয়ে। অসমৰ এগৰাকী দিব্যাংগ লোকক সহায় কৰি চনু চুদে পুনৰ প্ৰমাণ কৰিলে তেওঁ যে সদায় আৰ্তজনৰ কাষত। অসমৰে ৰাজু আলী নামৰ এগৰাকী শাৰীৰিকভাৱে অক্ষম লোকক সহায় কৰিলে বলিউডৰ এইগৰাকী অভিনেতাই।
অসমৰ ৰাজু আলীৰ দুয়োখন হাতেই নাই। যাৰ বাবে তেওঁ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। ৰাজু আলীয়ে তেওঁৰ এই অসুবিধা অৱগত কৰিছিল চনু চুদক। অভিনেতাগৰাকীয়ে ৰাজুৰ অসুবিধাৰ কথা গম পোৱা মাত্ৰকেই ৰাজুক কৃত্ৰিমভাৱে দুয়োখন হাত লগাই দিয়াৰ ব্যৱস্থা কৰে। ৰাজুক লগাই দিলে দুখন কৃত্ৰিম হাত। আকৌ এবাৰ আৰ্তজনন কাষত থিয় দি সকলোৰে হৃদয় জিনিলে এইগৰাকী অভিনেতাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















