অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ক্ৰমাৎ স্থৱিৰ কৰি তুলিছে সমগ্ৰ বিশ্ব। ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ বাবে এতিয়া বিশ্বৰ কেইবাখনো দেশত জাৰি কৰিছে লকডাউন। যাতে ঘৰতে থাকি ৰোধ কৰিব পাৰে ক’ৰোনাৰ গণ সংক্ৰমণ। ইয়াৰ মাজতে এনে কিছুমান দেশ আছে যি ইতিমধ্যে ৰোধ কৰিব পাৰিলে ক’ৰোনা। ইয়াৰ ভিতৰত অন্যতম এখন দেশ স্পেইন। স্পেইনত এতিয়া উঠাই দিয়া হৈছে লকডাউন। লকডাউন শেষ হোৱাৰ খবৰে উৎফুল্লিত কৰি তুলিছে দেশখনৰ জনতাক। যাৰ বাবে ৰাজপথলৈ ওলাই আহি উদযাপন কৰা দেখিবলৈ পোৱা গ’ল ৰাইজক। ইয়াৰ মাজতে কেইবাটাও প্ৰমিকযুগলক চুম্বন কৰি থকাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। অৱশ্যে দেশখনৰ জনতাৰ এনেধৰণৰ ফূর্তিক লৈ এতিয়া চিন্তিত হৈ পৰিছে চৰকাৰ প্ৰশাসন। দেশখনৰ উপ-প্ৰধানমন্ত্ৰীয়ে ক’ৰোনা সজাগতা মানি চলিবলৈ সকলোকে অনুৰোধ জনাইছে। উল্লেখযোগ্য যে ক’ৰোনাৰ বাবেই দেশখনত প্ৰায় ৮০ হাজাৰ লোকৰ মৃত্যু হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ