বিমানত ভ্ৰমণ কৰা বহু মানুহেই নিয়ম নাজানে৷ কি কি সামগ্ৰী লৈ আপুনি বিমানত ভ্ৰমণ কৰিব পাৰে, কি কি সামগ্ৰী বিমানত নিব নোৱাৰে সেই সম্পৰ্কে বহুতেই নাজানে৷ বিমান যাত্ৰীয়ে কেইটামান নিয়ম মানি চলাটো খুবেই জৰুৰী৷ বিশেষকৈ ডুবাইলৈ যিসকল বিমানেৰে যাব খোজে তেওঁলোকলৈ আহিছে কেইবাটাও নতুন নিয়ম৷ নিয়ম নমনাকৈ যাত্ৰা কৰিলে বিপদত পৰিব পাৰে আপুনি৷
ডুবাইগামী বিমানত আপুনি কি কি লৈ যাব নোৱাৰিব?
নতুন নিয়ম অনুসৰি কোকেইন, হেৰোইন, গাঞ্জা লৈ বিমানত উঠিব নোৱাৰিব৷
কোনো ধৰণৰ গছৰ পাত লৈ বিমানত উঠিব নোৱাৰিব৷
কোনো ধৰণৰ খেলাৰ সামগ্ৰী আপুনি বিমানত লৈ যাব নোৱাৰে৷
কোনো ধৰণৰ ছবি, কিতাপ, শিল, মূৰ্তি আদি বিমানত লৈ যাব নোৱাৰিব৷
নকল নোট, ঘৰত তৈয়াৰী খাদ্য, আমিষ জাতীয় খাদ্য লৈ বিমানত যাব নোৱাৰিব৷
যদি ডুবাইগামী বিমানত এই নিয়ম আপুনি মানি নচলে তেন্তে আপোনাৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ লোৱা হ’ব পাৰে৷ কেৱল জৰিমনাই নহয় প্ৰয়োজনত জে’লো দিব পাৰে৷ অন্য স্থানলৈ ভ্ৰমণ কৰোতে এই নিয়ম মানি নচলিলেও ডুবাইলৈ গ’লে আপুনি সেই নিয়ম মানি চলাটো জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ