অসম লাইভ২৪ঃ নীৰৱ মোদীৰ ১৮টাকৈ সম্পত্তি পঞ্জাৱ নেশ্ব্যনেল বেংকৰ হাতত তুলি দিলে বিশেষ আদালতে। পিএনবিৰ হাতত তুলি দিয়া এই সম্পত্তিৰ মূল্য ৭১.১৬ কোটি টকা। মুম্বাইৰ বিশেষ আদালতে এই সম্পত্তিসমূহ পিএনবিৰ হাতত তুলি দিয়াৰ প্ৰধান কাৰণ হৈছে পিএনবিক প্ৰতাৰণা কৰিছিল নীৰৱ মোদীয়ে। পলাতক অপৰাধী নীৰৱ মোদীৰ সেই সম্পত্তি সেয়ে পিএনবিৰ হাতত তুলি দিছে আদালতে।
এই সম্পত্তি বাজেয়াপ্ত কৰিছিল ইডিয়ে
হীৰাৰ ব্যৱসায়ীৰ এই বিপুল সম্পত্তি পূৰ্বে বাজেয়াপ্ত কৰিছিল ইডিয়ে। ৫বছৰ পূৰ্বে নীৰৱৰ বিৰুদ্ধে তদন্তত নামি মুঠ ৬৩৭কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল ইডিয়ে। ইয়াৰ মাজত আছিল নীৰৱ মোদীৰ ফ্লেট, বেংক একাউণ্টত জমা থকা ধন আৰু কেইবা কোটি টকাৰ গহনা। সম্প্ৰতি বিশেষ আদালতে যি ৭১.১৬কোটি টকাৰ সম্পত্তি পিএনবিৰ হাতত তুলি দিয়াৰ জাননী দিছে সেই জাননী পোনতে ইডিলৈ প্ৰেৰণ কৰা হৈছে। ইডিৰ পৰাহে পিএনবিৰ হাতলৈ যাব এই সম্পত্তি।
কি কি সম্পত্তি লাভ কৰিব পিএনবিয়ে?
পিএনবিয়ে লাভ কৰিব লগা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মাজত ২২ কোটি ৬৯ লাখ টকাৰ গহনাও আছে। এই ধন আৰু অলংকাৰ হংকংৰ এটা বিশেষ লকাৰত থৈছিল নীৰৱে। ইডিয়ে তদন্ত চলাওতে এই ধন হংকংৰ পৰা ভাৰতলৈ আনিছিল। ইয়াৰোপৰি ডুবাইৰ পৰাও ইডিয়ে আনিছে ১৮ কোটি ৭৬ লাখ টকাৰ গহনাসহ অন্যান্য মূল্যবান সম্পত্তি। মুম্বাইৰ ফৰ ছিজন হোটেলত ৩৫ লাখ ৫২ হাজাৰ টকা মূল্যৰ ১৬টা গহনা প্ৰদৰ্শন কৰিছিল নীৰৱৰ সংস্থাই। এই আটাইকেইটা সম্পত্তিৰ অধিকাৰী এতিয়া পিএনবি। ইয়াৰোপৰি কুড়লাৰ কহিনুৰ চিটিতো ২৪.৬৩ কোটি টকাৰ এটা কাৰ্যালয় আৰু ৮খন বিলাসী গাড়ীৰ মাজত ২৬লাখ টকাৰ বিলাসবহুল বেণ্টলি, প্ৰায় ১০লাখ টকা দামী এখন ট্ৰেভেলাৰ আৰু ২.২৫ লাখ টকা দামী এখন অল্টো লাভ কৰিব পিএনবিয়ে।
কিমান লাভ হ’ল পিএনবিৰ?
ইডিৰ অভিযোগ অনুসৰি পিএনবিক ৭০২৯.০৭ কোটি টকাৰ প্ৰতাৰণা কৰিছে নীৰৱ মোদীয়ে। এই হিচাপত বৰ্তমান পিএনবিয়ে লাভ কৰিব লগা ৭১.১৬ কোটি টকা সম্পত্তিৰ মূল্য মুঠ প্ৰতাৰণাৰ মাত্ৰ ১০শতাংশহে। ফলত ক্ষতিপূৰণৰ নামত সেয়া একোৱেই নহয়। সকলো মিলি নীৰৱ মোদীৰ ১৩.৯৬.০৭ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল ইডিয়ে। এই সম্পত্তি কাৰ কাৰ হাতলৈ যাব সেই সম্পৰ্কে কিন্তু বৰ্তমানলৈকে কোনো জাননী দিয়া নাই আদালতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















