অসম লাইভ২৪ঃ বয়স মাত্ৰ ৪১ বছৰ৷ এই ৪১ বছৰতেই ৫০০ টা সন্তানৰ পিতৃ হৈছে ব্যক্তিজন৷ সম্প্ৰতি নেদাৰলেণ্ডৰ ফাউণ্ডেছন নামৰ এক সংস্থাই দিছে এই তথ্য৷ ‘ডনাৰকাইণ্ড ফাউণ্ডেছন’ নামৰ সংস্থাটোৰ জৰিয়তে শুক্ৰানুদান কৰি এই ৰেকৰ্ড গঢ়িছে ব্যক্তিজনে৷ শুক্ৰানুদান কৰি সন্তান জন্ম দিবলৈ অপাৰগ দম্পতিক সন্তান সুখ দিছে ব্যক্তিজনে৷ সংস্থাটোৱে প্ৰকাশ কৰামতে ‘ছিৰিয়েল ডোনাৰ’জনে কেৱল নিজৰ দেশতেই নহয় বিদেশী দম্পতিকো দিছে সন্তান সুখ৷
সম্প্ৰতি যুৱকজনৰ মাতৃয়ে শুক্ৰানু দানক লৈ দেখুৱাইছে আপত্তি৷ মাতৃয়ে পুত্ৰক বাধা দিয়াই নহয় আদালতৰো দ্বাৰস্ত হৈছে৷ নেদাৰলেণ্ডৰ স্বাস্থ্য নিৰ্দেশনাত থকা অনুসৰি, এজন শুক্ৰানুদাতাই সৰ্ব্বোচ্ছ ২৫ জন সন্তানৰ পিতৃ হ’ব পাৰে৷ তাতোকৈ বেচি সন্তান জন্ম দিলে ব্যক্তিজনৰ বিৰুদ্ধে আইনী ধাৰাও লাগিব পাৰে৷ অত্যাধিক শুক্ৰাণু দান কৰিলে সেই ব্যক্তিৰ সন্তান বিকলাংগ হোৱাৰ লগতে মানসিকভাৱে ভাৰসাম্যহীন হোৱাৰ সম্ভাৱনা থাকে৷
জোনাথন এম নামৰ শুক্ৰাণুদাতাজনে ২০১৭ চনৰ পৰাই শুক্ৰাণু দান দি আহিছে৷ ২০১৭ চনতেই ডাচ ছচাইটি অৱ অৱজেক্টিভ এণ্ড গাইনোকলজিয়ে জোনাথনক সতৰ্কও কৰিছিল৷ সেই সময়লৈ জোনাথনে ১০২ জন সন্তান জন্ম দিছে৷ কিন্তু সতৰ্কবাণী পায়ো এই কাম এৰা নাই জোনাথনে৷ শেহতীয়াকৈ জোনাথনৰ এই কাৰ্যক অপৰাধ গণ্য কৰিছে নেদাৰলেণ্ডৰ একাংশ সংস্থাই৷ একাংশ মাতৃয়ে বিশেষ সংস্থাটোলৈ ফোন কৰি জনাইছে যে তেওঁলোকক জোনাথনৰ শুক্ৰাণু নালাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ