স্পাইডাৰ মেন খ্যাত টমে গুগলত চাৰ্চ কৰে প্ৰেমিকাৰ বিষয়ে, কাৰণ জানি আচৰিত হ’ব আপুনি
‘স্পাইডাৰ-মেন’ খ্যাত টম হলণ্ড আৰু তেওঁৰ প্ৰেমিকা জেণ্ডায়াৰ বিষয়ে সকলোৱে জানে। সামাজিকত টমে বহু বাৰ বহু ঠাইত জেণ্ডায়াৰ বিশেষ যত্ন লোৱা দেখা গৈছে। শেহতীয়াকৈ টমে শ্বেয়াৰ কৰিছে যে তেওঁ প্ৰায়ে গুগলত জেণ্ডায়াৰ সন্ধান কৰে।
টমৰ প্ৰেমিকাৰ এইদৰে অনুসন্ধান কৰাৰ ইয়াৰ আঁৰৰ কাৰণে অনুৰাগীসকলক আচৰিত কৰি তুলিছে।
এক আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰই প্ৰকাশ কৰা অনুসৰি টমে শ্বেয়াৰ কৰিছে যে তেওঁ নিজৰ প্ৰেমিকা জেণ্ডায়াক গুগলত প্ৰায়ে চাৰ্চ কৰে কেৱল তাই ঠিকেই আছে নে নাই চাবলৈ।
স্পাইডাৰ মেনৰ অভিনেতাগৰাকীয়ে কয় যে, “মই ছ’চিয়েল মিডিয়াত এক্টিভ নাথাকো আৰু ব্যৱহাৰ নকৰাৰ সময়ত ইয়াক ডিলিট কৰো, সেয়ে কেতিয়াবা জেণ্ডায়াক লৈ অলপ চিন্তনীয় হৈ পৰো, কিন্তু তাই ঠিকে আছে নে নাই সেয়া চাবলৈ আৰু সেয়া নিশ্চিত কৰিবলৈ তাইৰ বিষয়ে গুগলত সন্ধান কৰো।”
টমে লগতে ইয়াকো কয় যে, মই অলপ গুগল কৰি বাতৰিবোৰ চাওঁ আৰু মই স্পষ্ট হ’ও যে, তাই ঠিকেই আছে।’
উল্লেখ্য যে, ২০১৭ চনত ‘স্পাইডাৰ-মেন: হোমকামিং’ ছবিখনত একেলগে কাম কৰি থকাৰ সময়তে টম আৰু জেণ্ডায়া দুয়ো লগ পাইছিল আৰু ২০২১ চনৰ পৰা ডেটিং আৰম্ভ কৰিছিল। অৱশ্যে এই দম্পতীহালে আৰম্ভণিতে নিজৰ সম্পৰ্কৰ বিষয়ে গোপনে ৰাখিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















