দুপৰীয়াৰ খাদ্যগ্ৰহণৰ সময় হৈছিল ছাত্ৰসকলৰ৷ সেয়ে হোষ্টেললৈ সকলোবোৰ লৰালৰিকৈ আহিছিল৷ ধীৰে ধীৰে লাঞ্চ টেবুলত বহিবলৈ আৰম্ভ কৰিছিল এজন এজনকৈ সকলো এম বি বি এছ ছাত্ৰ৷ কিন্তু খাদ্য টেবুলত বহাৰ সময়তেই এটা বিকট শব্দ আৰু অন্ধকাৰ৷ বিকট বিস্ফোৰণৰ লগে লগেই চৌদিশে কলা ধোঁৱা৷ কি হৈছে ভাৱিবলৈ সময়েই নাপালে কোনোৱে৷ আহমেদাবাদৰ মেঘানী নগৰৰ বিজে মেডিকেল কলেজৰ ইউ জি হোষ্টেলৰ মেছত৷
ভয়ংকৰ সেই মুহূৰ্তৰ ছবি দেখা গৈছে ছচিয়েল মিডিয়াত৷ তাতেই দেখা গৈছে বিল্ডিঙত কেনেকৈ সোমাই পৰিছে বিমানখন৷ লাঞ্চ ৰুমত ভাঙি পৰিছে বিমানৰ এটা অংশ৷ একাধিক চিকিৎসকে তৎ বুজাৰ আগতেই হেৰুৱাইছে প্ৰাণ৷ সূত্ৰৰ খবৰ অনুসৰি ছিভিল হোষ্টেলত বসবাস কৰা প্ৰায় ১৫ গৰাকী জুনিয়ৰ চিকিৎসক আহত হৈছে৷
সংবাদ সংস্থা এ এন আইক সেই হোষ্টেলৰ মেচত থকা এজন চিকিৎসকৰ মাতৃয়ে এ এন আইৰ আগত কৈছে, ‘আমাৰ সন্তানো সেই মেচতেই আছিল৷ সেই সময়ত সিহঁতৰ লাঞ্চ ব্ৰেক চলিছিল৷ সকলোৱে খোৱাবোৱা কৰি আছিল৷ সেই সময়তেই বিমানখন ভাঙি পৰে৷ আমাৰ সন্তানে কোনোমতে হোষ্টেলৰ দুই মহলাৰ খিৰিকিৰে জপিয়াই দিয়ে৷ সি আঁহত হৈছে৷ যেনেতেনে প্ৰাণ ৰক্ষা পৰিছে তাৰ৷ এতিয়া সি আহমেদাবাদ ছিভিল হাস্পতালত ভৰ্তি হৈ আছে৷’
স্থানীয় সূত্ৰৰ খবৰ, এই হোষ্টেলৰ মেচৰ ওপৰত বিমানৰ কিছু অংশ ভাঙি পৰিছে৷ সেই সময়তেই দাউদাউকৈ জ্বলি উঠে বিল্ডিঙৰ একাংশ৷ বিমান দুৰ্ঘটনাৰ কাৰণে মেঘানীনগৰৰ বহু ভৱন ক্ষতিগ্ৰস্থ হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















