কলৰেক্টাল কৰ্কট৷ ব্লাড, লিভাৰ বা স্তনৰ কৰ্কটৰ দৰে পৰিচিত নহলেও এই কৰ্কটক লৈ বিশ্বজুৰি আতংক বাঢ়িছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষাই কৈছে যে কলন আৰু ৰেক্টামত হোৱা এই কৰ্কটত আক্ৰান্তৰ সংখ্যা ২০০০ চনৰ পৰাই ঊৰ্ধ্বমুখী৷ আৰু ভয়ৰ কাৰণ হৈছে এই কৰ্কটক লৈ সচেতনতা আৰু প্ৰচাৰো কম৷ বহু সময়ত মলদ্বাৰেৰে ৰক্তপাত হলে সেয়া অৰ্শৰ সৈতে জড়িত বুলি বহুতে ধাৰণা কৰে৷ ফলত কৰ্কট যেতিয়ালৈকে ধৰা পৰে সিমানদিনত ৰোগীৰ বাচি থকাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়৷ সম্প্ৰতি এক গৱেষণাত দাবী কৰা হৈছে যে কলৰেক্টাল কৰ্কটৰ আশংকা কমোৱাৰ একমাত্ৰ উপায় হৈছে ভিটামিন-ডি৷ শৰীৰত নিৰ্দিষ্ট পৰিমাণে ভিটামিন ডি থাকিলে এই কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় ৬০ শতাংশ কমি যাব৷
নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ পৰা প্ৰকাশিত এক গৱেষণাপত্ৰত লিখা হৈছে ভিটামিন ডিয়ে শৰীৰত বহু গুৰুত্বপূৰ্ণ কাম কৰে৷ এই ভিটামিন নিৰ্ধাৰিত মাত্ৰাত থাকিলে স্নায়ুৰ ৰোগৰ আশংকা কমে, হাড়ৰ স্বাস্থ্য ভাল হয় আৰু কোষৰ অনিয়মিত বিভাজন বা বৃদ্ধি নহয়৷ শৰীৰৰ কোনো অংগত যদি কোষৰ বিভাজন অনিয়ন্ত্ৰিত হৈ যায় আৰু নতুন ৰক্তজালক তৈয়াৰ হৈ থাকে তেতিয়া তাৰ পৰা টিউমাৰ হোৱাৰ আশংকা বাঢ়ে৷ এই প্ৰক্ৰিয়াক কোৱা হয় এঞ্জিয়োজেনেচিছ৷ ভিটামিন ডিয়ে কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি ৰোধ কৰিব পাৰে৷
কলৰেক্টল কৰ্কটৰ আশংকা কমাবলৈ ভিটামিন ডিৰ প্ৰয়োজন কিমান তাক লৈ এই পৰ্যন্ত প্ৰায় ৩১ খন গৱেষণাপত্ৰ প্ৰকাশিত হৈছে৷ সাম্প্ৰতিক গৱেষণা প্ৰকাশিত হৈছে নেচাৰ জাৰ্নেলত৷ তাতেই গৱেষকে দেখা পাইছে যে ১০ হাজাৰ জনৰ ওপৰত পৰীক্ষা কৰা হৈছে আৰু সেই পৰীক্ষাতেই পোৱা গৈছে যে যিসকলৰ শৰীৰত ভিটামিন ডিৰ মাত্ৰা প্ৰতি মিলিলিটাৰত ৮০ নেনোগ্ৰাম বা তাতকৈ বেছি, তেওঁলোকৰ কলৰেক্টাল কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ২৫শতাংশ কম৷ আৰু যাৰ প্ৰতি মিলিলিটাৰত ১০ নেনোগ্ৰামৰ কম তেওঁলোকৰ মাৰণ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি৷ সেয়ে কোৱা হৈছে ভিটামিন ডি ছাপ্লিমেণ্ট খালেই নহব চিকিৎসকৰ পৰামৰ্শ মানিহে ভিটামিন ডি খাওক৷ আৰু খাদ্যগ্ৰহণতো নজৰ দিয়ক৷
ষাঠিৰ্ধ্বোৰ মাজত এই অসুখৰ আশংকা বেছি দেখা গলেও খাদ্যভাষৰ পৰিবৰ্তন, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, বাঢ়ি যোৱা ওজন, প্ৰক্ৰিয়াজান খাদ্য খোৱা আৰু অতিৰিক্ত মানসিক চাপৰ কাৰণে কম বয়সতে কলৰেক্টৰ কৰ্কটে বাঁহ বান্ধিছে মানুহৰ শৰীৰত৷ যদি মলত্যাগৰ অভ্যাস সলনি হৈ যায়, ডায়েৰিবা বা কোষ্ঠকাঠিন্যৰ সমস্যা কোনোপ্ৰকাৰেই নকমে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷ এই কৰ্কটৰ উপসৰ্গ হিচাপে বহু সময়ত মলৰ সৈতে তেজ ওলাব পাৰে৷ অৰ্শ ৰোগীসকলৰ ক্ষেত্ৰত যি ৰক্তপাত হয় সেই ৰক্তপাত সাধাৰণতে ৰঙা৷ অন্যহাতে এই কৰ্কটত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত তেজৰ ৰং প্ৰায় কলা ৰঙৰ হয়৷ তলপেটত দীৰ্ঘদিন ধৰি বিষ হৈ থাকিব পাৰে৷ অৰ্শৰ ক্ষেত্ৰত কিছু পেটত বিষ অনুভূত নহয়৷ কলৰেক্টল কৰ্কটত গেছৰ বিষৰ দৰে যন্ত্ৰণা, পেট পকাই ধৰা আদি সমস্যাইয়ো দেখা দিব পাৰে৷ দেহত তেজৰ পৰিমাণো কমি যাব পাৰে৷ এইসমূহ উপসৰ্গ দেখিলেই সাবধান হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















