বিলাসিতা শেষ৷ কোটি কোটি টকা প্ৰৱঞ্চনা কৰি অৱশেষত জে’ললৈ চুমি আৰু তাৰ্কিক৷
ডিব্ৰুগড় আৰক্ষীয়ে আৰু জিম্মাত নিবিচাৰিলে চুমি-তাৰ্কিকক৷
ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত আৰক্ষীয়ে ক্ষন্তেক সময় পূৰ্বে হাজিৰ কৰিছিল দুয়োকে৷
আৰক্ষীয়ে দুয়োকে আৰু জিম্মাত নিবিচাৰিলে বাবেই দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ কৰে আদালতে৷
১২ ছেপ্টেম্বৰত দুয়োকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷
প্ৰৱঞ্চক বিশাল ফুকনৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছিল চুমি-বিশালৰ৷
৫দিন আৰক্ষীৰ জিম্মাত থকাৰ পাছত এতিয়াৰে পৰা চুমি তাৰ্কিকৰ নতুন ঠিকনা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ