স্থান পৰিবৰ্তন কৰিছে গ্ৰহৰ ৰজা সূৰ্য আৰু কেতুৱে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যই প্ৰতিমাহে স্থান সলনি কৰে আৰু কেতুৰে ডেৰ বছৰত এবাৰ স্থান পৰিবৰ্তন কৰে৷ গ্ৰহৰাজ সূৰ্য আৰু কেতুৰ একেলগে নক্ষত্ৰ পৰিবৰ্তনৰ যোগ প্ৰায় বিৰল৷ এই বিৰল যোগ বহু বছৰৰ পাছত তৈয়াৰ হৈছে৷ আৰু এই যোগে কিছু ৰাশিৰ বাবে প্ৰচুৰ লাভ কঢ়িয়াই আনিব পাৰে৷ ৬জুলাইত সূৰ্যই পুনৰ্বসু নক্ষত্ৰত গোচৰ কৰিব৷ পুনৰ্বসু নক্ষত্ৰৰ অধিপতি বুলি কোৱা হয় বৃহস্পতিক৷ অন্যহাতে কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰি পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব যাৰ অধিপতি শুক্ৰ গ্ৰহ৷ ইয়াৰ ফলত ৭ জুলাইত ৩ ৰাশিৰ বাবে আহিছে লাভজনক খবৰ৷

মেষ ৰাশি

সূৰ্য কেতুৰ নক্ষত্ৰ গোচৰত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক খবৰ আহিব৷ কেৰিয়াৰত লাভৰ সম্ভাৱনা আছে৷ মান সন্মান বাঢ়িব৷ আয় বঢ়োৱাৰো নতুন সুযোগ লাভ কৰিব আপুনি৷ পৰিশ্ৰমৰ ফল পাব৷ নতুন চাকৰিৰ অফাৰ পাব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে সূৰ্য কেতুৰ নক্ষত্ৰ গোচৰ শুভ বুলি কোৱা হয়৷ কেৰিয়াৰত ডাঙৰ উন্নতিৰ সুযোগ আহিব পাৰে৷ অৰ্থ লাভৰো সম্ভাৱনা আছে৷ দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যাব পাৰে৷ পূজা-পাঠত মন দিয়ক৷ ব্যৱসায়ীসকলে ডাঙৰ ডিল ফাইনেল কৰিব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে সূৰ্য-কেতুৰ নক্ষত্ৰ গোচৰ লাভজনক হব পাৰে৷ কেৰিয়াৰতো নতুন কিছু সালসলনি হব পাৰে৷ ভাল কাম কৰিলে প্ৰশংসা পাব৷ কোনো ট্ৰিপলৈ যাব পাৰে৷ অৰ্থনৈতিক লাভ হব৷