অৰ্থ আৰু বৈভৱৰ কাৰক গ্ৰহ শুক্ৰ আৰু বুদ্ধি, বিচক্ষণতাৰ অধিপতি গ্ৰহ বুধে বৰ্তমান কৰ্কট ৰাশিত বিৰাজ কৰিছে৷ এইবাৰ এই ৰাশিত সূৰ্যৰ প্ৰৱেশৰ সৈতে গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ ২৯ জুনৰ পৰা বুধ আৰু ৭ জুলাইৰ পৰা শুক্ৰই কৰ্কট ৰাশিত ভ্ৰমণ কৰিছে৷ ১৬ জুলাইত চন্দ্ৰৰ আধিপত্যযুক্ত ৰাশি কৰ্কটত সূৰ্যৰ প্ৰৱেশ হ’ব৷ যাৰ ফলত কৰ্কট ৰাশিত সূৰ্য, শুক্ৰ আৰু বুধৰ যুঁটি তৈয়াৰ হ’ব৷ এই তিনি গ্ৰহই একত্ৰিত হ’লে ত্ৰিগ্ৰহী যোগ৷ জ্যোতিষে জনোৱা অনুসৰি কৰ্কট ৰাশিত সৃষ্ট এই ত্ৰিগ্ৰহী যোগ বেছ কিছু ৰাশিৰ বাবে শুভ৷ ইয়াৰ প্ৰভাৱ কোন কোন ৰাশিৰ ভাগ্যোন্নতি হ’ব জানি থওক সবিশেষ৷
মিথুন ৰাশি
জ্যোতিষ গণনা অনুসৰি কৰ্কট ৰাশিত সৃষ্ট ত্ৰিগ্ৰহী যোগ কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব৷ আপোনাৰ মনত মাজত ইতিবাচক চিন্তাভাৱনা থাকিব৷ সমস্ত কামত অগ্ৰণী ভূমিকা পালন কৰিব৷ আনকি সূৰ্য, বুধ আৰু শুক্ৰৰ ত্ৰিফলাত আপোনাৰ মনত ধৰ্মীয় আৱেগ বাঢ়িব৷ ধৰ্ম-কৰ্মত লিপ্ত হ’ব৷ স্বাস্থ্য ভালে থাকিব৷
কৰ্কট ৰাশি
ত্ৰিগ্ৰহী যোগে কৰ্কটৰ জাতকসকলক অনুকূল ফলাফল প্ৰদান কৰিব৷ ৰাশিৰ লগ্নিত এই যোগ গঢ়ি উঠিব, যাৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ উন্নতিৰ পথ প্ৰশস্ত হ’ব৷ আনকি অবিবাহিত জাতকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব৷ অংশীদাৰীৰ কামত লাভাম্বিত হ’ব পাৰে এই ৰাশিৰ জাতক৷ পৰিকল্পনাত সফল হোৱাত মুখত ফুটি উঠিব হাঁহি৷
সিংহ ৰাশি
তিনি গ্ৰহৰ যুঁটি সিংহ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ গ্ৰহৰ গতি পৰিবৰ্তনৰ ফলত এই ৰাশিৰ জাতকৰ ধৰ্মীয় কামত ৰুচি বাঢ়িব৷ আৰ্থিক জীৱনত স্থায়ীত্ব দেখা যাব৷ ব্যয় নিয়ন্ত্ৰণ কৰা অত্যন্ত জৰুৰী৷ প্ৰেম জীৱনৰ বাবে সময় অনুকূল৷ প্ৰেমিক-প্ৰেমিকাৰ মাজত ৰোমান্স চৰম পৰ্যায়ত থাকিব৷ কঠিন সময়ত পৰিয়ালৰ সদস্যসকলক কাষত পাব৷
তুলা ৰাশি
ত্ৰিগ্ৰহী যোগ তুলা ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব৷ কাম আৰু ব্যৱসায়ত উন্নতি হ’ব৷ এই ৰাশিৰ বেকাৰ যুৱকে নতুন চাকৰি পাব পাৰে৷ অৰ্থ সঞ্চয় কৰা সহয় হ’ব৷ উৎসাহ আৰু অন্য লাভৰ মাধ্যমেৰে আয় বৃদ্ধি হ’ব৷ কেৰিয়াৰত ইতিবাচক পৰিবৰ্তন দেখা যাব এই সময়ত৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ ব্যৱসায় লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ পিতৃৰ সৈতে সম্পৰ্ক উন্নতি হ’ব৷
বৃশ্চিক ৰাশি
বুধ, শুক্ৰ আৰু সূৰ্যৰ যুঁটি বৃশ্চিক ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক৷ আয় বৃদ্ধিৰ একাধিক নতুন উৎস বিচাৰি পাব এই ৰাশিৰ জাতকে৷ এই মাহত সমস্ত কামত সাফল্য লাভ কৰিব পাৰিব৷ কেৰিয়াৰৰ বাবে সময় অনুকূল৷ চাকৰিয়াল জাতকে নতুন দায়িত্ব পাব পাৰে৷ প্ৰেমিক-প্ৰেমিকাই ভাল সময় কটাব৷ দাম্পত্য জীৱনত সুখেৰে পাৰ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ