নৱেম্বৰজুৰি বহু গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব৷ তাৰ প্ৰভাৱ দেখা যাব বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত৷ দেওবাৰে ঘটিছে তেনে এক গোচৰ৷ বৃশ্চিক ৰাশিত গোচৰ কৰিব সূৰ্যই৷ ১৬ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰ২০২৫লৈকে এমাহ বৃশ্চিক ৰাশিত থাকিব সূৰ্য৷ বৃশ্চিকৰ অধিপতি গ্ৰহ মঙ্গল৷ অৰ্থাৎ মঙ্গলৰ ৰাশিত প্ৰৱেশ কৰিছে সূৰ্যই৷ যাৰ প্ৰভাৱত মাৰাত্মক ক্ষতিৰ আশংকা আছে কেইবাটাও ৰাশিৰ জাতক৷ কাৰ ভাগ্যত কি আছে?
মেষ ৰাশিৰ ভাগ্যত কি আছে?
বৃশ্চিক ৰাশিত সূৰ্যৰ গোচৰে মেষ ৰাশিৰ জাতকৰ জীৱনলৈ স্বাস্থ্যগত সমস্যা মাতি আনিব পাৰে৷ আৰ্থিক ক্ষতি বা আয় কমি যোৱাৰো সম্ভাৱনা আছে৷ ৰিস্ক থকা বিষয়সমূহ এৰাই চলক৷ কোনো ডাঙৰ সিদ্ধান্ত এতিয়া নোলোৱাই ভাল৷ ব্যয়ক নিয়ন্ত্ৰণ কৰক৷ শৰীৰৰ যত্ন লওক৷
কৰ্কট ৰাশিৰ ভাগ্যত কি আছে?
সূৰ্যৰ এই গোচৰে কৰ্কট ৰাশিৰ জাতকৰ বাবে চেলেঞ্জিং সময় কঢ়িয়াই আনিব৷ বেয়া প্ৰভাৱ পৰিব পাৰে স্বাস্থ্যৰ ওপৰতো৷ এই এমাহত বেছি যত্নৰ প্ৰয়োজন আপোনাৰ সম্পৰ্কৰো৷ ভুল বুজাবুজিৰ ফলত ব্ৰেকআপৰ সম্ভাৱনা আছে৷ এই সময়ত কোনো নতুন কাম নকৰাই ভাল৷ আবেগ এৰাই চলক৷ আবেগত কোনো সিদ্ধান্ত নল’ব৷
সিংহ ৰাশিৰ ভাগ্যত কি আছে?
সিংহ ৰাশিৰ অধিপতি গ্ৰহই সূৰ্য৷ সূৰ্যৰ এই গোচৰ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ নহয়৷ বিতৰ্কত সোমাই পৰিব পাৰে৷ যাৰ ফলত সন্মানহানিৰ সম্ভাৱনা আছে৷ কেৰিয়াৰত চেলেঞ্জৰ মুখত পৰিব পাৰে৷ কঠোৰ পৰিশ্ৰম কৰক, ফল পাবই৷
কন্যা ৰাশিৰ ভাগ্যত কি আছে?
সূৰ্যৰ এই গোচৰ কন্যা ৰাশিৰ জাতকৰ বাবে মানসিক চাপ আৰু অসুস্থতাৰ কাৰণ হব পাৰে৷ ভুল সিদ্ধান্ত লৈ নিজৰ বিপদ মাতি আনিব পাৰে৷ প্ৰেম জীৱনত সমস্যাই দেখা দিব৷ ভাৱিচিন্তি কথা কওক৷ আৰ্থিক ক্ষতিৰো সম্ভাৱনা আছে৷ শিক্ষাৰ্থী হলে মন দি পঢ়াশুনা কৰা উচিত৷
ধনু ৰাশিৰ ভাগ্যত কি আছে?
ধনু ৰাশিৰ জাতকে আগন্তুক ৩০ দিন আৰ্থিক সমস্যাৰ সন্মুখীন হব পাৰে৷ আয়তকৈ ব্যয় বেছি হ’ব৷ প্ৰেমৰ সম্পৰ্ক আৰু ব্যক্তিগত জীৱনত ব্যৰ্থতাৰ সন্মুখীন হব পাৰে৷ বন্ধুৰ সৈতে বিৰোধ বা সম্পৰ্কত ফাট মেলিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















