১৫ ডিচেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই বৃষ ৰাশি ত্যাগ কৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ পূৰ্ণিমা তিথি৷ কাইলৈ হৈছে বছৰৰ শেষ পূৰ্ণিমা৷ ইয়াৰোপৰি কাইলৈ বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ কাইলৈ পালিত হ’ব ধনু সংক্ৰান্তি৷ কাইলৈ হৈছে আঘোণ মাহৰ শেষ দিন৷ দেওবাৰে দুপৰীয়া ২ বাজি ৩১ মিনিট পৰ্যন্ত পূৰ্ণিমা তিথি থাকিব৷ তাৰপাছতেই পুহ মাহত শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে মৃগশিৰা নক্ষত্ৰ আৰু আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ১৫ ডিচেম্বৰ ধনু সংক্ৰান্তিত শুভ দিন হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি সকলো কামতেই পজিটিভ ফল পাব৷ পাবলগীয়া ধন কাইলৈ পাব পাৰে৷ যি সুখবৰ শুনাৰ বাবে আপুনি বহু দিনধৰি অপেক্ষা কৰি আছিল সেই সুখবৰ আহিব৷ ব্যৱসায়ীসকলে কাইলৈ ভাল আৰ্থিক লাভ পাব৷
কন্যা ৰাশি
কাইলৈ মিথুন ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ চন্দ্ৰৰ শুভ প্ৰভাৱত কাইলৈ মানসিক শান্তি লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কোনো সমস্যা সন্মুখলৈ আহিলেও উত্তেজিত নহৈ ধৈৰ্য্য ধৰি তাক সমাধান কৰিব পাৰিব আপুনি৷ কাইলৈ কোনো নতুন সম্পত্তি কিনিব পাৰে৷ যি সম্পত্তি বহু দিন ধৰি বিক্ৰি কৰি দিয়াৰ চেষ্টা কৰিছিল সেই সম্পত্তিও কাইলৈ ভাল দামত বিক্ৰি কৰিব পাৰিব৷ প্ৰেম জীৱন ভালকৈ কটাব৷
বৃশ্চিক ৰাশি
কাইলৈ দিনটো নানান দিশৰ পৰা শুভ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি সূৰ্যদেৱৰ কৃপাত সকলো কামতেই উন্নতি কৰিব পাৰিব৷ ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ বন্ধ হৈ যোৱা কোনো ব্যৱসায়িক প্ৰকল্পত কাইলৈ নতুনকৈ আৰম্ভ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ পিতৃ মাতৃক লৈ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ নিজৰ বিলাসিতাৰ বাবে কোনো দ্ৰব্য কাইলৈ কিনিব পাৰে৷
ধনু ৰাশি
কাইলৈ সকলো দিশৰ পৰাই সুখৰ দিন আহিব ধনু ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ শুভ যোগৰ প্ৰভাৱত আপোনাৰ আয় বাঢ়িব৷ ইয়াৰ ফলত বেছ কিছু টকা কাইলৈ সঞ্চয় কৰিব পাৰিব ধনু ৰাশিৰ জাতকে৷ কোনো ব্যৱসায়ত বহু দিন ধৰি আৰম্ভ কৰাৰ কথা ভাৱিলে কাইলৈ আপোনাপ বাবে উপযুক্ত দিন হ’ব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে কাইলৈ সম্পৰ্ক ভাল হ’ব৷
মীন ৰাশি
কাইলৈ সূৰ্যদেৱতাৰ কৃপা থাকিব মীন ৰাশিৰ ওপৰত৷ কাইলৈ আপুনি নিজৰ কামত কোনো ভাল পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব৷ আপোনাৰ কামত খ্যাতি চৌদিশে বিয়পিব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ কাইলৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব মীন ৰাশিৰ জাতকে৷ বিদেশত বসবাসকাৰী কোনো আত্মীয়ৰ পৰা সুখবৰ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ