অসম লাইভ২৪ঃ আগন্তুক ১৯ নৱেম্বৰত চন্দ্ৰই মকৰ ৰাশিত গোচৰ কৰিব। ইয়াৰপাছতেই আগন্তুককালত গঠিত হ’ব দ্বিপুষ্কৰ যোগ, বৃদ্ধি যোগ আৰু ধ্ৰুৱ যোগ। হিন্দুধৰ্ম অনুসৰি দেওবাৰৰ দিনটো সূৰ্যৰ দিন। তাৰ ওপৰিও ভানু সপ্তমীত পালিত হ’ব ষট পূজা। সূৰ্য দেৱতাৰ আৰাধনা কৰা হয় এই পূজাত। জ্যোতিষ গণনা অনুসৰি এই দিনটোত সূৰ্যৰ আশীৰ্বাদত সৌভাগ্য লাভ কৰিব এই ৫ৰাশিৰ জাতকে।
মেষ ৰাশি
ষট পূজাৰ দিনটো সূৰ্যদেৱৰ কৃপাত ভালেৰে পাৰ হ’ব। ব্যৱসায়ত লাভৰ সম্ভাৱনা। ইয়াৰোপৰি খৰচ বাঢ়িব। আয় বৃদ্ধি হোৱাৰ বাবে খৰচ কৰি গাত নালাগিব। কেৰিয়াৰত নতুন পৰিকল্পনা কৰিব পাৰে। প্ৰেমত শুভ।
বৃষ ৰাশি
ধৰ্মীয় বিষয়ৰ প্ৰতি আগন্তুককালত বৃষ ৰাশিৰ জাতকসকল আকৰ্ষিত হ’ব। বিভিন্ন ধৰ্মীয় আৰু সামাজিক কামত উৎসাহ আৰু উদ্দীপনা বাঢ়িব। কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে। দীৰ্ঘদিন ধৰি আশা কৰি থকা কোনো সামগ্ৰী আপোনাৰ হাতলৈ আহিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।
কৰ্কট ৰাশি
দ্বি-পুষ্কৰ যোগৰ শুভ প্রভাৱত সামাজিক মিলামিছাৰে দিনটো সুন্দৰভাৱে পাৰ হ’ব। সামাজিক অনুষ্ঠানত অংশ ল’ব পাৰে। পৰিয়ালৰ সদস্যৰ মনোকামনা পূৰণ কৰিব পাৰে। সন্ধিয়া পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটাব।
কন্যা ৰাশি
কাল ৰবিবাৰে ভানু সপ্তমীত কন্যা ৰাশিৰ জাতকৰ কোনো শুভ অনুষ্ঠানৰ বিষয়ে আলোচনা হ’ব পাৰে। এই শুভ অনুষ্ঠানৰ প্ৰস্তুতি চলাত ঘৰত সুখৰ পৰিবেশ থাকিব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত থাকিব। নতুন কোনো ব্যৱসায় আৰম্ভ কৰিলে ভাল ফল পাব। আৰ্থিকভাৱে লাভৱান হ’ব কন্যা ৰাশিৰ জাতকসকল।
বৃশ্চিক ৰাশি
বৃদ্ধি যোগ আৰু ধ্ৰুৱ যোগৰ শুভ প্রভাৱত কেৰিয়াৰত উন্নতিৰ একাধিক সুযোগ আহিব পাৰে বৃশ্চিক ৰাশিৰ জাতকলৈ। এই সুযোগসমূহ গ্ৰহণ কৰি সঠিকভাৱে কামত লাগিব লাগে। পৰিয়ালত সুখ শান্তিৰ পৰিবেশ বৰ্তি থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ