কাইলৈ ৯ ফেব্ৰুৱাৰী ২০২৫ দেওবাৰে চন্দ্ৰই দিনজুৰি মিথুন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথি৷ কাইলৈ সন্ধিয়া ৭ বাজি ২৫ মিনিট পৰ্যন্ত দ্বাদশী তিথি থাকিব৷ তাৰপাছতেই মাঘৰ শুক্লা ত্ৰয়োদশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বিষকুম্ভ যোগ আৰু প্ৰীতি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে থাকিব আৰ্দ্ৰা আৰু পাছত পুনৰ্বাসু নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত মিথুন ৰাশিৰ জাতকৰ ঘৰত বিলাসিতাময় পৰিবেশ থাকিব৷ খুবেই আৰাম কৰি কাইলৈৰ দিনটো কটাব আপুনি৷ ঘৰৰ সৰু সকলেও কাইলৈ দিনটো আনন্দেৰে কটাব৷ ইয়াৰ ফলত ঘৰৰ পৰিবেশ মনোৰম হ’ব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি পাব পাৰে৷ সন্ধিয়া ঘৰত বিশেষ কোনো অতিথি আহিব পাৰে৷ কাৰ্যালয়ত কামৰ বাবে আপুনি প্ৰশংসা লাভ কৰিব৷
সিংহ ৰাশি
কাইলৈ ঘৰৰ ডাঙৰসকলৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ ৰবি যোগৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে কিছু অৰ্থ লাভ কৰিব পাৰে৷ এই টকা আপুনি বহুদিন ধৰি পাবলগীয়া আছিল৷ শহুৰৰ ঘৰৰ সৈতে মনোমালিন্য দূৰ হ’ব৷ পুৰণি প্ৰিয় বন্ধুৰ সৈতে কাইলৈ বহুদিন পাছত দেখা হ’ব সিংহ ৰাশিৰ জাতকৰ৷
তুলা ৰাশি
কাইলৈ দেওবাৰে প্ৰীতি যোগৰ প্ৰভাৱত শুভ দিন কটাব তুলা ৰাশিৰ জাতকে৷ পৰিয়ালৰ সদস্যসকলৰ পৰা কাইলৈ সন্ধিয়া কোনো বিশেষ উপহাৰ পাব পাৰে৷ বন্ধুৰ সৈতে সন্ধিয়াটো আনন্দেৰে কটাব আপুনি৷ সন্তানৰ সম্পৰ্কে কোনো সুখবৰ পাব পাৰে৷ শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হ’ব পাৰে৷ সমাজত সুনাম আৰু জনপ্ৰিয়তা বাঢ়িব আপোনাৰ৷
ধনু ৰাশি
কাইলৈ ৰবি যোগত ব্যৱসায়িক কামত প্ৰচুৰ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ কাৰোবাক ধন ধাৰে দিলে সেই টকা আকৌ লাভ কৰাৰ সম্ভাৱনা কম৷ কামৰ বাবে কৰোবালৈ যাব পাৰে৷ সন্তানৰ পঢ়াশুনা বিষয়ক কোনো ভাল খবৰ কাইলৈ পাব পাৰে৷ সন্ধিয়া পৰিয়ালৰ সৈতে আনন্দ কৰি কটাব৷ আৰ্থিকভাৱে কাইলৈ লাভৱান হ’ব ধনু ৰাশিৰ জাতক৷
মীন ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















