উভতি আহিয়ে সুনিতাই পাব ৯ মাহৰ অভাৰটাইমৰ দৰমহা
বিগত ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ দুগৰাকী মহাকাশচাৰী। ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে যোৱা বছৰৰ জুন মাহত ৮ দিনীয়া অভিযানত মহাকাশ কেন্দ্ৰলৈ গৈছিল।
কিন্তু অভিযান সম্পূৰ্ণ হোৱাৰ পিছতো কাৰিকৰী কাৰণত দুয়োজন মহাকাশচাৰী মহাকাশতে আবদ্ধ হৈ পৰে। কাৰিকৰী সমস্যাৰ বাবে বহুবাৰ উভতি অহাৰ কাৰ্য বিফল হয়।
অৱশেষত ৯ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ থকাৰ পাছত এতিয়া আশাৰ সঞ্চাৰ হৈছে যে, ১৯ মাৰ্চত স্পেচএক্স ড্ৰেগন মহাকাশযানত পৃথিৱীলৈ উভতি আহিব পাৰিব।
প্ৰকাশিত এক বাতৰি অনুসৰি, এতিয়া পৃথিৱীলৈ উভতি আহিয়ে সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে ৯ মাহৰ দৰমহা লাভ কৰিব। লগতে দৰমহাৰ বাহিৰেও ১১০০ ডলাৰ অৰ্থাৎ অতিৰিক্ত ধন হিচাপে প্ৰায় ১ লাখ টকা পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ