কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক’ত কিদৰে চাব পাৰিব লাইভ
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৯ মাহ কটোৱাৰ পিছত অৱশেষত পৃথিৱীলৈ উভতি আহি আছে নাছাৰ মহাকাশচাৰী ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ আৰু তেখেতৰ সতীৰ্থ বুচ উইলম’ৰ। ক্ৰু-৯ৰ সদস্য মহাকাশচাৰী নিক হেগ আৰু মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভৰ সৈতে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে।
এ এফ পিৰ প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আবদ্ধ মহাকাশচাৰীসকলৰ সৈতে স্পেচএক্সৰ কেপচুল ক্ৰু-৯ উভতনি যাত্ৰা কৰিছে।
আমেৰিকাৰ মহাকাশ সংস্থা নাছাই সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ পৃথিৱীত অৱতৰণৰ তাৰিখ, সময় আৰু স্থান নিশ্চিত কৰিছে। মহাকাশচাৰীসকলৰ পৃথিৱীলৈ উভতি অহা উৰণৰ লাইভ কভাৰেজো নাছাই দেখুৱাবলৈ প্ৰস্তুতি চলাইছে।
সংস্থাটোৰ বিনামূলীয়া ষ্ট্ৰীমিং প্লেটফৰ্ম নাছা+ (পূৰ্বতে নাছা টিভি)ত এই লাইভষ্ট্ৰিম প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ উপৰিও ইয়াক plus.nasa.gov ত সকলোৰে বাবে বিনামূলীয়াকৈ উপলব্ধ কৰা হ’ব ।
ইয়াৰ উপৰিও মহাকাশ সংস্থাটোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স, ফেচবুক, ইউটিউব আৰু টুইচত নাছাৰ প্ৰগ্ৰেমিং উপলব্ধ। নাছাৰ প্ৰগ্ৰেমিং তৃতীয় পক্ষৰ সেৱা যেনে ৰ’কু, হুলু, ডাইৰেক্ট টিভি, ডিচ নেটৱৰ্ক, গুগল ফাইবাৰ, এমাজন ফায়াৰ টিভি আৰু এপল টিভিৰ জৰিয়তেও উপলব্ধ হব।
ভাৰতীয় সময় অনুসৰি
১৯ মাৰ্চ (বুধবাৰ) – মাজ নিশা ২:১৫ বজাত – নাছা+ত ৰিটাৰ্ণ কভাৰেজ আৰম্ভ
১৯ মাৰ্চ (বুধবাৰ) – মাজ নিশা ২:৪১ বজাত (প্ৰায়) – ডিঅৰ্বিট বাৰ্ন (আনুমানিক সময়)
১৯ মাৰ্চ (বুধবাৰ) – মাজ নিশা ৩:২৭ বজাত (প্ৰায়) – স্প্লেছডাউন (আনুমানিক সময়)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ