অসম লাইভ২৪ঃ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীৰ আজি ওপজা দিন৷ ছানী আজিও বহু লোকৰ হৃদয়ৰ ৰাণী৷ ছানীৰ সুন্দৰ চেহেৰাই আজিও আকৰ্ষিত কৰে বহুজনক৷ বি-গ্ৰেড ছবিৰ পৰা ছানীৰ বলীউড যাত্ৰা কিন্তু বৰ এটা সহজ নাছিল৷ ২০১২ চনত ছানীয়ে ভৰি দিছিল বলীউডত৷ তাৰপিছতেই ছানিৰ পৰিচয় হৈ পৰিল বলীউড অভিনেত্ৰী৷ বলীউডৰ বহুকেইখন হীট ছবিত অভিনয় কৰিছে ছানীয়ে৷
ওপজা দিনতেই জানি থওক ছানী কিমান সম্পত্তিৰ মালিক?
২০১২ চনত ছানী লিয়নীয়ে পূজা ভাট্টৰ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল৷ এই ছবিখনৰ পাছতেই ছানিৰ জনপ্ৰিয়তা বলীউডত বৃদ্ধি পালে৷ পূজা ভাট্টৰ ছবিৰ পাছতেই ছানীয়ে জেকপট, ৰাগিনী এম এম এছ-২, এক পেহলি লীলা, ৱান নাইট ষ্টেণ্ড আৰু তেৰা ইন্তিজাৰত অভিনয় কৰিছে৷ ইয়াৰ ওপৰি ছানী লিয়নীয়ে বহুতো ছবিত আইটেম ছংত নৃত্য কৰিও চিনেমাপ্ৰেমীৰ মন জয় কৰিছে৷
বলীউডত প্ৰৱেশ কৰাৰ আগৰ জীৱনটোৰ কথা মুকলিকৈ আলোচনা নহ’লেও ছানী সকলোৰে চিনাকী চৰিত্ৰ৷ শেহতীয়াকৈ ছানীৰ সম্পত্তিক লৈ এক ৰিপৰ্ট প্ৰকাশ পাইছে৷ সেই ৰিপৰ্ট অনুসৰি ছানী বৰ্তমান প্ৰায় কেইবাকোটিও৷ মুম্বাইৰ বিলাসী এলেকাত আছে ছানীৰ ১৬ কোটি টকাৰ এটা ফ্লেট৷ ছানীয়ে অভিনয়, মডেলিং কৰাৰ ওপৰিও নিজাকৈ ব্যৱসায়ো চলাই আছে৷ ষ্টাৰ ষ্ট্ৰাইক নামৰ এটা প্ৰসাধনৰ ব্ৰেণ্ড আছে ছানীৰ৷ ইয়াৰোপৰি ছানীৰ আছে এটা কাপোৰৰ ব্ৰেণ্ডো৷
বিলাসী গাড়ীৰ চখ
বিলাসী বাহন সংগ্ৰহটো ছানীৰ বিশেষ চখ আছে৷ ছানীৰ গেৰেজত আছে মাৰ্ছিডিছ, অডি এ৫, বিএমডব্লিউ৭ চিৰিজ ৭৪০ লি, মাৰ্চিডিছ জি এল এ ৩৫০ ডি আৰু মাচেৰটি কোৱাট্ৰাপোৰ্ট৷ এই বিলাসী জীৱন কটোৱা ছানীয়ে কিন্তু এসময়ত টকাৰ বাবে বেকাৰীতো কাম কৰিছিল৷ কিন্তু জীৱনে সুযোগ দিলে ছানী হৈ পৰিল বিশ্বৰ চিনাকি চৰিত্ৰ৷ ২০১১ চনত ছানীয়ে প্ৰেমিক ডেনিয়েলৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ডেনিয়েলক বিয়া কৰোৱাৰ পাছতেই তেওঁ তিনিটা সন্তান তুলি লৈছে এই শিশুকেইটাক লৈ ছানীয়ে এখন সুখৰ সংসাৰ চলাই আছে৷ ছানীৰ সংসাৰখনক আজি বহুতেই প্রশংসাও কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ