কেৰালাৰ মালাপুৰম জিলাৰ পাৰাপ্পানাঙ্গডিৰ নেদুভাৰ বাসিন্দা এন ভি পদ্মনাভনৰ জীৱনৰ এক সাধাৰণ দিন হঠাৎ অসাধাৰণ হৈ উঠিল৷ পেছাত ছুপাৰমাৰ্কেট কৰ্মী, ৫১ বছৰীয়া পদ্মনাভনে জিকিছে কেৰালাৰ ষ্টেট লটাৰীৰ প্ৰথম পুৰস্কাৰ ১০ কোটি টকা৷ মঙ্গলবাৰে পুৱাই এই খবৰ গম পোৱাৰ পাছতেই আনন্দময় পৰিবেশে বিৰাজ কৰিছে তেওঁৰ পৰিয়ালত৷
বিগত ৮ বছৰ ধৰি কোঝিচেনাৰ এখন ছুপাৰমাৰ্কেটত কাম কৰি আছে এন ভি পদ্মনাভনে৷ ২৬ মাৰ্চত কোয়েম্বাটুৰ এটা মন্দিৰৰ পৰা ওভতাৰ পথত পালাক্কাড়ত তেওঁ SB 517026 নম্বৰৰ লটাৰিৰ টিকট ক্ৰয় কৰিছিল৷ পদ্মনাভনে কয় তেওঁ নিয়মিত লটাৰী ক্ৰয় নকৰে কেৱল এইবাৰ ষ্টেট লটাৰী হোৱাৰ বাবেহে টিকট এটা ক্ৰয় কৰিছিল৷ পত্নী স্মিতা আৰু দুই সন্তান শ্ৰীহৰি আৰু পবৰ্ণাক লৈ তেওঁৰ পৰিয়াল এতিয়া খুবেই সুখী৷ অনাকাংশিতভাৱেই তেওঁলোকে লাভ কৰিছে ভাল খবৰটো৷
পুৰস্কাৰ জিকাৰ খবৰ পোৱাৰ পাছতেই সেই টিকট পাৰাপ্পানাঙ্গডিৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ শাখা মেনেজাৰৰ ওচৰত জমা দিছে টিকটটো৷ তেওঁৰ এই জয়ে জীৱনলৈ অন্য মোৰ আনি দিব বুলিও আশা পদ্মনাভনৰ৷
উল্লেখ্য যে প্ৰথম পুৰস্কাকক টিকটটো পালাক্কাড় জিলাৰ এজেণ্ট এছ মধুসূধনৰ মাধ্যমেৰে বিক্ৰি হৈছিল৷ ইয়াৰোপৰি দ্বিতীয় পুৰস্কাৰ ১ কোটি টকা পাইছে SE 660573 নম্বৰৰ টিকটত৷ সেই টিকটো পালাক্কাড়তেই বিক্ৰি হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ