কাঢ়া নিৰ্দেশ, মোবাইলতো ৰাখিব নোৱাৰিব তেনে ভিডিঅ’, প’স্কো আইনৰ আধাৰত গুৰুতৰ অপৰাধ
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ নাকচ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এতিয়াৰ পৰা মোবাইলতো ৰাখিব নোৱাৰিব শিশুৰ অশ্লীল ছবি। যদি ধৰা পৰে তেন্তে প’স্কো আইনৰ আধাৰতো অপৰাধী হ’ব আপুনি।
যদি আপোনাৰ ফোনত শিশু সন্দৰ্ভত অশ্লীল ভিডিঅ’ পোৱা যায়, তেন্তে আপুনি ডাঙৰ বিপদত পৰিব পাৰে। যদি এনে ভিডিঅ’ পোৱা যায়, তেন্তে এতিয়া আপোনাৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCSO)ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব আৰু আপুনি হয়তো কাৰাবসো খাটিবলগীয়া হ’ব পাৰে।
এই গোচৰ সন্দৰ্ভত সিদ্ধান্ত দিওঁতে উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নাকচ কৰে। পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক গোচৰ সন্দৰ্ভত ৰায় দিছিল যে, শিশু অশ্লীল ভিডিঅ’ চোৱা আৰু মোবাইলত ডাউনলোড কৰাটো আইনৰ ভিতৰত নপৰে।
কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে, যিকোনো ধৰণৰ শিশু অশ্লীল ভিডিঅ’ ফোনত ৰখাটো POCSO আইনৰ অধীনত অপৰাধ। লগতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক গুৰুতৰ ভুল আৰু এই গোচৰক গুৰুতৰ অপৰাধৰ শাখাত ধৰা হ’ব, লগতে অপৰাধীক শাস্তি প্ৰদানো কৰা হ’ব বুলি মন্তব্য কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা।
সৰ্বোচ্চ ন্যায়ালয়ে এই পোস্কো আইনখনৰ সংশোধনীৰো পৰামৰ্শ আগবঢ়ায়, য’ত ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটোৰ ঠাইত ‘শিশু যৌন নিৰ্যাতন আৰু শোষণমূলক সামগ্ৰী’ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















