এলা-পেচা নহয়, হেক হ’ল উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল, আপলোড ক্ৰিপট’ ভিডিঅ’
চেনেল হেকাৰে হেক কৰাৰ খবৰ। এই ইউটিউব চেনেলটো হেক কৰাৰ পিছত হেকাৰে উচ্চতম ন্যায়ালয় ইণ্ডিয়াৰ ঠাইত ৰিপল লিখে।
লগতে উচ্চতম ন্যায়ালয়ৰ ভিডিঅ’ৰ সলনি এই চেনেলত ক্ৰিপ্টো ভিডিঅ’ দেখুওৱা হৈছে। উচ্চতম ন্যায়ালয়ৰ ইউটিউবত হেকাৰৰ এই আক্ৰমণ বিশেষ কাৰণ উচ্চতম ন্যায়ালয়ৰ হাতত বহু বৃহৎ গোচৰৰ শুনানিৰ সৈতে জড়িত নথি-পত্ৰ আছে।
এনে পৰিস্থিতিত যদি হেকাৰে ইউটিউবৰ দৰে আন এছ চি চাইটত আক্ৰমণ কৰে, তেন্তে সেই নথি-পত্ৰ লিক হোৱাৰ আশংকাও বৃদ্ধি পাব পাৰে। অৱশ্যে এতিয়ালৈকে এনেকুৱা একো হোৱা নাই।
আৰু তেনে হোৱাৰ সম্ভাৱনাও নগণ্য তথা বহু কম। কিন্তু হেকাৰৰ ক্ৰমবৰ্ধমান পৰিসৰ বিবেচনা কৰি সময়মতে সাৱধানতা অৱলম্বন কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলত ক’ৰ পৰা হেকাৰে আক্ৰমণ চলাইছিল তাৰ তদন্ত চলি আছে। ইয়াৰ দায়িত্ব এতিয়াও কোনেও লোৱা নাই।
বৰ্তমান বহু তদন্তকাৰী সংস্থাই এই সমগ্ৰ বিষয়টোৰ তদন্ত চলাই আছে। তদন্তৰ পিছতহে গম পোৱা যাব যে এই হেকাৰসকলে এই আক্ৰমণ ক’ৰ পৰা আৰম্ভ কৰিছিল।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৮ চনতো হেকাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইট হেক কৰিছিল। সেই সময়তো হেকাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটটো ক’ৰ পৰা হেক কৰিছিল সেয়া নিশ্চিত কৰিব পৰা নগ’ল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ