সূৰ্যক গ্ৰহৰাজ বুলি কোৱা হয় আৰু চন্দ্ৰক মন আৰু আৱেগৰ কাৰক গ্ৰহ হিচাপে ধৰা হয়৷ সূৰ্য অগ্নি তত্ত্বৰ গ্ৰহ, আৰু চন্দ্ৰ পানী তত্ত্বৰ, যিয়ে শীতলতা প্ৰদান কৰে৷ যেতিয়া এই দুই গ্ৰহই আকাশত এক বিশেষ দূৰত্বত অৱস্থান কৰে৷ তেতিয়া এক অত্যন্ত অশুভ যোগ তৈয়াৰ হয়, যাক ব্যতিপাত যোগ বুলি কোৱা হয়৷
ব্যতিপাত যোগে মাতি আনে নানান সমস্যা
১৩ জানুৱাৰী এই ব্যতিপাত যোগ গঠিত হৈছে৷ সাধাৰণভাৱে এই যোগ মানসিক চাপ, অসুস্থতা, দুঃখ আৰু ক্ষতিৰ কাৰণ হৈ পৰে৷ জ্যোতিষশাস্ত্ৰ মতে, কিছু বিশেষ পৰিস্থিতিত এই যোগে শুভ ফল দিব পাৰে৷ চলিত বছৰত ১৩ জানুৱাৰীত তৈয়াৰ হোৱা এই ব্যতিপাত যোগ তিনি ৰাশিৰ বাবে অত্যন্ত শুভ বুলি বিবেচিত হৈছে৷
বৃষ ৰাশি
সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগ বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হব৷ অবিবাহিতসকলৰ জীৱনত প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে৷ ইয়াৰোপৰি বিবাহিতসকলৰ দাম্পত্য জীৱনলৈ সুখ আৰু আনন্দৰ আগমন ঘটিব৷ ব্যৱসায়-বাণিজ্যৰ বাবে এই সময় অনুকূল আৰু লাভৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য, আৰু এই ব্যতিপাত যোগ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ দীৰ্ঘদিনৰ মানসিক চাপ দূৰ হব পাৰে৷ কাৰোবাৰ পৰা হঠাৎ কোনো সুখবৰ বা উপহাৰ পাব পাৰে৷ ডাঙৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কোনো চুক্তি চূড়ান্ত হব পাৰে৷
কুম্ভ ৰাশি
সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগে কুম্ভ ৰাশিৰ জাতকৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ চাকৰিয়ালে পদোন্নতিৰ সুযোগ পাব পাৰে৷ আৰ্থিক লাভৰ যোগ আছে আৰু বিনিয়োগৰ পৰাও সুফল পাব পাৰে৷ ব্যৱসায়ত লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে৷
১৩ জানুৱাৰীত তৈয়াৰ হোৱা সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগ এফালে যেনেকৈ সাধাৰণভাৱে সতৰ্কতাৰ ইংগিত দিয়ে৷ অন্য কিছু ৰাশিৰ জাতকৰ বাবেও এই যোগে আশাৰ খবৰ কঢ়িয়াই আনিব পাৰে৷ গ্ৰহগত আৰু বিৰল অৱস্থানে জীৱনৰ নানান ক্ষেত্ৰত নতুন মোড় আনিব পাৰে৷ মানসিক অশান্তি ধীৰে ধীৰে প্ৰশমিত হব আৰু ৰৈ থকা কামে আকৌ গতি পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















