জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যক কোৱা হয় নৱগ্ৰহৰ ৰজা৷ সূৰ্যই মোটামুটিভাৱে এটা এটা ৰাশিত এমাহ অৱস্থান কৰে৷ প্ৰতিমাহত এবাৰকৈ ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰও পৰিবৰ্তন কৰে সূৰ্যই৷ সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱো বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যায়৷
শনিৰ নক্ষত্ৰত সূৰ্য
বৰ্তমান সূৰ্য আছে বিশাখা নক্ষত্ৰত৷ আগন্তুক ১৯ নৱেম্বৰত সূৰ্যই অনুৰাধা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২ ডিচেম্বৰ পৰ্যন্ত সূৰ্যই তাতেই অৱস্থান কৰিব৷ বৈদিক জ্যোতিষ অনুসৰি অনুৰাধা নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে শনি৷ শনিৰ নক্ষত্ৰ অনুৰাধাত সূৰ্যৰ গোচৰৰ ফলত নানানভাৱে লাভৱান হব তিনি ৰাশিৰ জাতক৷ জানি থওক এই তালিকাত কোন কোন আছে?
মিথুন ৰাশি
সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত লাভজনক হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত ব্যৱসায়ত উল্লেখযোগ্য লাভ হব আপোনাৰ৷ চাকৰিয়ালেও ডাঙৰ উন্নতি কৰিব পাৰে৷ প্ৰমোছন আৰু ইনক্ৰিমেণ্ট হব পাৰে৷ আৰ্থিক পৰিস্থিতি সূৰ্যৰ গোচৰৰ প্ৰভাৱ মজবুত হব৷ দাম্পত্য জীৱনত সুখ থাকিব৷
সিংহ ৰাশি
সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত সকলোতকৈ উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি কোনো সুখবৰ পাব পাৰে৷ সন্তানৰ বিষয়ে সুখবৰ লাভৰ সম্ভাৱনা আছে৷ নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰিব পাৰে৷ অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰে৷
বৃশ্চিক ৰাশি
অনুৰাধা নক্ষত্ৰত সূৰ্যৰ গোচৰ বিশেষ কাৰ্যকৰী আৰু লাভজনক হব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ অপেক্ষাৰ অৱসান হব পাৰে৷ পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটোৱাৰ সুযোগ পাব৷ সম্পদ লাভৰ নতুন পথ খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ সন্মুখত৷ বিশেষকৈ কাৰোবাৰ সৈতে কৰা আলাপ আপোনাৰ বাবে লাভজনক হব৷ মনত পজিটিভ চিন্তা বৰ্তাই ৰাখিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















