গোপনীয় আৰু সংবেদনশীল তথ্য হস্তগত কৰাৰ বাবে যৌনতাৰ ফান্দ পাতে চীন আৰু ৰাছিয়াৰ গুপ্তচৰসকলে৷ এই দাবী কৰিছে ৰাছিয়াৰেই এগৰাকী প্ৰাক্তন গুপ্তচৰে৷ দাবী কৰিছে ৰাছিয়াৰেই এগৰাকী প্ৰাক্তন চৰে৷ ৰাছিয়াৰ সেই প্ৰাক্তন মহিলা গুপ্তচৰৰ নাম আলিয়া ৰোজা৷ বৰ্তমান তেওঁ আমেৰিকাত থাকে৷ আলিয়াৰ দাবী, কৌশলেৰে গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আনিবলৈ চীন আৰু ৰাছিয়াই যৌন গুপ্তচৰসকলক কামত লগাই৷ ৰাছিয়াৰ সেই প্ৰাক্তন মহিলা গুপ্তচৰৰ নাম আলিয়া ৰোজা৷ বৰ্তমান তেওঁ আমেৰিকাত থাকে৷ আলিয়াৰ দাবী, কৌশলেৰে গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আনিবলৈ চীন আৰু ৰাছিয়াই যৌন গুপ্তচৰসকলক কামত লগায়৷
আইনজীৱীৰ পৰামৰ্শত সম্প্ৰতি সংবাদমাধ্যমৰ সন্মুখত তেওঁ পুৰণি জীৱনক লৈ মুখ খুলিছে৷ আলিয়াই তেওঁৰ সহযোগী যৌন গুপ্তচৰসকলক কেনেকৈ প্ৰশিক্ষণ দিয়া হৈছিল, সেই সম্পৰ্কেও কথা কৈছে তেওঁ৷ প্ৰাক্তন ৰুছ চৰে সংবাদমাধ্যম নিউয়ৰ্ক পোষ্টক এক সাক্ষাৎকাৰত জনাইছে, কিশোৰী বয়সৰ পৰাই গুপ্তচৰ হোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল তেওঁক৷ তাতেই টাৰ্গেট কৰা সকলক প্ৰলুব্ধ কৰিবলৈ আৰু তেওঁক কামত লগোৱাৰ বিদ্যা শিকাইছিল তেওঁ৷
কেনেকৈ এজন গুপ্তচৰসকলক লক্ষ্যবস্তুৰ কাষলৈ লৈ যোৱা হয় সাক্ষাৎকাৰত সেই সম্পৰ্কেও বিশদভাৱে জনাইছে আলিয়াই৷ তেওঁ কয়, ‘টাৰ্গেট ঠিক কৰা হয় তেওঁৰ কাষত থকা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি৷ টাৰ্গেটক ফান্দত পেলাবলৈ তেওঁলোকৰ আৱেগ অনুভূতিৰ সৈতে খেলা কৰিব লাগে৷
আলিয়াই কয়, ‘যাৰ পৰা তথ্য ওলিয়াব পাৰি তেওঁৰ সৈতে মুঠ ৭ বাৰ দেখা কৰিব লাগে৷ টাৰ্গেট কোন কফি শ্বপলৈ গৈছে, কোন জিমলৈ গৈছে সেই দিশতো নজৰ দিব লাগে৷ নজৰ ৰাখিব লাগে টাৰ্গেটৰ সামাজিকমাধ্যম একাউণ্টৰ ওপৰতো৷’ প্ৰাক্তন ৰুছ গুপ্তচৰে জনাইছে যে ইয়াৰ পাছৰ পদক্ষেপ হয় টাৰ্গেটক প্ৰেম আৰু যৌনতাৰে কাবু কৰা৷ ইয়াৰ বাবে লক্ষ্যবস্তুক নিজৰ আকৰ্ষণীয় ছবি পঠিওৱা হয় মাজেমাজে৷ প্ৰশংসা কৰি মেছেজো পঠিয়াব লাগে৷ আৰু এইসমূহ কৰাৰ পাছত টাৰ্গেটৰ বিশ্বাস অৰ্জন কৰা অত্যন্ত জৰুৰী৷
আলিয়াৰ দাবী, ইয়াৰ পাছতেই আৰম্ভ হয় প্ৰকৃত খেলা৷ কাৰোবাৰ সৈতে বন্ধুত্ব হোৱাৰ পাছত নিজকে খুব দুৰ্বল দেখুৱাবলৈ আৰম্ভ কৰে৷ ভুৱা কাৰণত মানসিকভাৱে ভাঙি পৰাৰো অভিনয় কৰিব লাগে তেওঁলোকে৷ সংবাদমাধ্যমত আলিয়াই কয়, ‘দুৰ্বল বা মানসিকভাৱে ভাঙি পৰাৰ ভাও ধৰি নিজক টাৰ্গেটৰ ওচৰত সঁপি দিব লাগে৷ আৱেগৰ বশত টাৰ্গেটেও ধাৰণা কৰে যে তেওঁ সেই মহিলাক বিশ্বাসত লব পাৰে৷
আলিয়াই জনাইছে যে টাৰ্গেটৰ মনত তেওঁ নিজকে পত্নী, সহকৰ্মী আৰু বন্ধুৰ স্থান ল’ব লাগে৷ যেতিয়া এজন চৰে তেওঁৰ টাৰ্গেটক সম্পূৰ্ণৰূপে বশ কৰি পেলাই তেতিয়া আৰম্ভ হয় যৌনতাক ফান্দত পেলোৱাৰ প্ৰক্ৰিয়া৷ ধীৰে ধীৰে তেওঁৰ পৰা প্ৰয়োজনীয় সকলো তথ্য উলিয়াই গুপ্তচৰে৷ প্ৰাক্তন ৰুচ চৰৰ দাবী, ছিলিকন ভেলিৰ প্ৰযুক্তি কৰ্মীসকলেই মূলত লক্ষ্যবস্তু কৰে চীন আৰু ৰাছিয়াৰ চৰসকলে৷ কিন্তু প্ৰযুক্তি কৰ্মীসকলেই কিয়?
আলিয়াই বাখ্যা কৰিছে যে প্ৰযুক্তি কৰ্মীসকলে বহু তথ্য জানে৷ পৰিয়ালৰ পৰা পৃথকে থাকে তেওঁলোক৷ আৰু সেই কাৰণেই তেওঁলোকক বশ কৰাৰ সুবিধা থাকে৷ প্ৰযুক্তি কৰ্মী খুবেই বুদ্ধিমান আৰু পৰিশ্ৰমী৷ আৰু তেওঁলোক যিমানেই প্ৰতিভাবান নহওক কিয় কামৰ চাপত তেওঁলোকৰ বেছিভাগৰে প্ৰেম আধৰুৱা হৈ থাকে৷ একাকিত্বত ভোগে তেওঁলোক৷ আৰু সেই সুযোগকেই কামত লগাই চৰসকলে৷
গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আনিবলৈ আলিয়াই নিজেও এইধৰণেই ফান্দত পেলাইছে বিভিন্নজনক৷ চৰ হিচাপে আমেৰিকাৰ পৰা ব্ৰিটেইন আৰু ইউৰোপৰ অন্য দেশসমূহত বেছিকৈ কাম কৰিছে তেওঁ৷ এই দাবী আলিয়াৰ৷ আলিয়াই জনাইছে যে চৰ হিচাপে কাম কৰোতে কৰোতে এবাৰত এজনকেই টাৰ্গেট কৰি প্ৰেম কৰে৷ তেওঁ যাৰ প্ৰেমত পৰিচিল তেওঁ এজন বিষয়া আছিল৷ আৰু সেই কাৰণেই তেওঁক দেশৰ পৰা বাহিৰলৈ পঠিওৱা হৈছিল৷ আৰু সেই সুযোগতে ২০২০ চনত গ্ৰীণ কাৰ্ড পাই একেবাৰে আমেৰিকালৈ গুচি আহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















