অনলাইন ইনছটেণ্ট ডেলিভাৰিৰ পাছত এইবাৰ ষ্টক মাৰ্কেটত আত্মপ্ৰকাশ কৰিছে ছুইগিয়ে৷ এইবাৰ খাদ্য ডেলিভাৰিৰ দৰেই শ্বেয়াৰ বজাৰতো বিনিয়োগকাৰীসকলক ইনছটেণ্ট বা তাৎক্ষণিক ডেলিভাৰি দিছে এই সংস্থাই৷ লিষ্টিং হওতেই ছুইগিৰ বৰ্তমান আৰু প্ৰাক্তন কৰ্মী মিলি মুঠ ৫০০গৰাকী কোটিপতি হৈ পৰিল৷
আইপিইউ আনিছে ছুইগিয়ে৷ শ্বেয়াৰৰ প্ৰাথমিক দাম ধাৰ্য কৰা হৈছে ৩৭১টকাৰ পৰা ৩৯০টকাৰ ভিতৰত৷ ৯০০০ কোটিৰ এমপ্লয়ি ষ্টক অপশ্ব্যন প্লেনো আনিছে এই সংস্থাৰ ৫০০০ কৰ্মীৰ বাবে৷ এই ৫০০০ কৰ্মী পে আউটৰ পৰা লাভৱান হ’ব৷ আৰু এই শ্বেয়াৰ হোল্ডিঙৰ পৰাই ৫০০ কৰ্মী কোটিপতি হৈছে৷ অৰ্থাৎ তেওঁলোকৰ ওচৰত যি শ্বেয়াৰ আছে তাৰ মূল্য কোটি হৈছেগৈ৷ ইয়াৰ পূৰ্বে ২০২১ চনত পে টি এমে যেতিয়া আইপিউ আনিছিল তেতিয়াও ৩৫০ কৰ্মী কোটিপতি হৈছিল৷
বুধবাৰে এন এছ ইত ছুইগীৰ শ্বেয়াৰ মূল্য আছিল ৩৯০ টকা৷ ৮শতাংশ প্ৰিমিয়াৰ আছিল৷ বিএছ ইত ষ্টক লিষ্টিং হয় ৪১২ টকাত৷ বৰ্তমান কোম্পানীৰ মাৰ্কেট ভেলু হৈছেগৈ আনুমানিক ৮৯ হাজাৰ ৫৪৯ কোটি টকা৷ ১১ হাজাৰ ৩২৭ কোটি টকাৰ ছুইগিৰ প্ৰাথমিক অফাৰতেই শ্বেয়াৰ প্ৰায় ৩.৫৯ গুণ বেছি ছাবস্ক্ৰিপশ্বন হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















