দবা খেল নিষিদ্ধ কৰা হ’ল আফগানিস্তানত৷ ধৰ্মীয় কাৰণত এই সিদ্ধান্ত বুলি জনাইছে তালিবান চৰকাৰে৷ বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি আফগানিস্তানৰ পুণ্য প্ৰচাৰ আৰু পাপ প্ৰতিৰোধ মন্ত্ৰণালয়( মিনিষ্ট্ৰি অৱ প্ৰপাগেছন অৱ ভাৰ্চু এণ্ড প্ৰিভেনঞ্চন অৱ ভাইছ)ৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে৷ ইয়াৰোপৰি তালিবানী ক্ৰীড়া মন্ত্ৰণালয়ৰ তৰফৰ পৰাও এই খবৰ নিশ্চিত কৰা হৈছে৷
আফগানিস্তানৰ ক্ৰীড়া মন্ত্ৰণালয়ে জনাইছে যে ১১ মে’ৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে৷ দবাৰ কোনো প্ৰতিযোগিতা এতিয়া আৰু আফগানিস্তানত পাতিব নোৱাৰিব৷ বিনোদনৰ বাবেও আৰু দবা খেল কোনোৱে খেলিব নোৱাৰিব সেই দেশত৷ অনিৰ্দিষ্টকালৰ বাবে এই নিৰ্দেশ কাৰ্যকৰী কৰা হৈছে বুলি জনোৱা হৈছে৷ তালিবান শাসিত পুণ্য প্ৰচাৰ আৰু পাপ প্ৰতিৰোধ মন্ত্ৰণালয়ে আফগানিস্তান দবা ফেডাৰেছনৰ অস্তিত্ব বিলোপ কৰিছে৷ তেওঁলোকে বাখ্যা কৰা অনুসৰি ইছলামি আইনত দবা খেলা হাৰাম বা নিষিদ্ধ৷ তালিবান চৰকাৰে ধাৰণা কৰে যে দবা খেলা সময়ৰ অপব্যৱহাৰ৷ এই খেল ধৰ্মীয় অনুশাসনৰ পৰিপন্থী৷
কোৱা হয় দবা বুদ্ধিৰ খেল৷ বয়স বাঢ়িলে মস্তিষ্কৰ ক্ষমতা কমিবলৈ আৰম্ভ কৰে৷ বিভিন্ন গৱেষণাত প্ৰকাশ পোৱা অনুসৰি আলঝাইমাৰৰ দৰে অসুখৰ পৰা ৰক্ষা পাবলৈ দবা খেল খুবেই কাৰ্যকৰী৷ হাতী, ঘোৰা, সৈন্য, ৰজাক কেনেকৈ আগুৱাই নিব লাগে সেয়া চাই মনোযোগ আৰু দ্ৰুত চিন্তা কৰাৰ ক্ষমতা বাঢ়ে৷ কিন্তু তালিবানীয়ে আফগানী কোনো লোকৰেই চিন্তা কৰাৰ ক্ষমতা বঢ়াটো নিবিচাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















