আফগানিস্তানত খেলিব নোৱাৰিব দবা খেল, নিষিদ্ধ ঘোষণা, কাৰণ জানি আচৰিত হ’ব আপুনি
আফগানিস্তানত এতিয়াৰ পৰা খেলিব নোৱাৰিব দবা খেল। দেশ খনত দবা খেলক নিষিদ্ধ ঘোষণা। তালিবানৰ এই খেল বিধক ‘হাৰাম’ আখ্যা । ধৰ্মীয় উদ্বেগ প্ৰকাশ কৰি তালিবানে দবা খেলত নিষেধাজ্ঞা আৰোপ কৰিছে আফগানিস্তানত।
ইছলামিক আইনৰ ব্যাখ্যাৰ অধীনত দবা খেলক “হাৰাম” (নিষিদ্ধ) বুলি দাবী কৰা তালিবানৰ গুণ প্ৰসাৰ আৰু কু-অভ্যাস প্ৰতিৰোধ মন্ত্ৰালয়ে এই সিদ্ধান্ত ঘোষণা কৰে। এই নিষেধাজ্ঞাৰ অংশ হিচাপে আফগানিস্তান দবা ফেডাৰেচনো ভংগ কৰা হৈছে ।
ক্ৰীড়া মন্ত্ৰালয়ৰ তালিবান বিষয়াসকলে ১১ মে’ত নিশ্চিত কৰিছিল যে দবা সম্পৰ্কীয় সকলো কাম অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। ধৰ্মীয় চিন্তা-চৰ্চাৰ সমাধান নোহোৱালৈকে এই ক্ৰীড়া নিষিদ্ধ হৈ থাকিব বুলি কয়।
উল্লেখ্য যে, ২০২১ চনত ক্ষমতালৈ ঘূৰি অহাৰ পিছত তালিবানে সাংস্কৃতিক, সামাজিক আৰু ক্ৰীড়া অনুষ্ঠানৰ ওপৰত ক্ৰমাৎ বহুতো নিষেধাজ্ঞা আৰোপ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















