সোমবাৰে আহিছে দুঃসংবাদ৷ ঢাকা প্ৰিমিয়াৰ লিগ ২০২৫ৰ মেচ চলি থকাৰ সময়ত বুকুত বিষ অনুভৱ কৰাৰ পাছতেই বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ তামিম ইকবালক দ্ৰুততৰভাৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ সূত্ৰৰ খবৰ অনুসৰি বেটছমেনজনৰ অৱস্থা সংকটজনক৷
২৪ মাৰ্চত ছাভাৰৰ বাংলাদেশ ক্ৰীড়া শিক্ষাপ্ৰতিষ্ঠানৰ ৩ নম্বৰ গ্ৰাউণ্ডত মহামেডান স্পোটিং ক্লাব চাইনপুকুৰ ক্ৰিকেট ক্লাবৰ মাজত মেচ চলি থকাৰ মাজতেই এই ঘটনা৷ মেচৰ পূৰ্বে টচ কৰিবলৈ গৈছিল তামিম৷ কিন্তু চাইনপুকুৰৰ ইনিংছৰ সময়ত ফিল্ডিং কৰাৰ সময়ত শৰীৰত অস্বস্তি বোধ কৰে৷ ইয়াৰপাছতেই মেডিকেল টিমে তেওঁক চিকিৎসাৰ বাবে লৈ যায়৷ বাহিৰলৈ যোৱাৰ বাবে লগে লগেই এয়াৰ এম্বুলেঞ্চ মতা হয়৷
তামিমক বিমানেৰে বাহিৰলৈ অনাত কিছু জটিলতাই দেখা দিয়াৰ ফলত তেওঁক ফজিলাতুন্নচা হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ মহামেডানৰ এগৰাকী কৰ্মকৰ্তাই তেওঁৰ মন্তব্যত কয়, ‘তামিম বৰ্তমান হাস্পতালত ভৰ্তি, এতিয়াও তেওঁৰ অৱস্থা উন্নত নহয়৷ তেওঁক ফজিলাতুন্নচা হাস্পতালৰ পৰা সেয়ে উন্নত চিকিৎসাৰ বাবে ছাভাৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷
বাংলাদেশৰ ক্ৰিকেট বৰ্ডৰ প্ৰধান চিকিৎসক ডাঃ দেৱাশীষ চৌধুৰীয়ে তামিমৰ স্বাস্থ্যক লৈ জনাই যে, মেডিকেল ৰিপৰ্টে নিশ্চিত কৰিছে যে তামিমৰ মেছিভ হাৰ্ট এটেক হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ