ভাৰততে নিৰ্মাণ কৰা হ’ব ৰাফেল যুঁজাৰু বিমানৰ বডী, টাটা আৰু ডাছল্ট এভিয়েশনৰ ঐতিহাসিক চুক্তি
টাটা এডভান্সড চিষ্টেমছ আৰু ফ্ৰান্সৰ ডাছল্ট এভিয়েশনে এক বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ অধীনত ৰাফেল যুদ্ধ বিমানৰ মূল অংশ অৰ্থাৎ ফিউজেজ এতিয়া ভাৰতত নিৰ্মাণ কৰা হ’ব। এতিয়ালৈকে এই অংশটো কেৱল ফ্ৰান্সতহে নিৰ্মাণ কৰা হৈছিল যদিও এতিয়া প্ৰথমবাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা হ’ব।
ইয়াৰ বাবে টাটা এডভান্সড চিষ্টেমে হায়দৰাবাদত এটা আধুনিক কাৰখানা নিৰ্মাণ কৰিব। এই কাৰখানাতে প্ৰস্তুত কৰা হ’ব ৰাফেল যুঁজাৰু বিমানখনৰ বডীৰ প্ৰয়োজনীয় অংশ। এই পৰিকল্পনা অনুসৰি ২০২৮ চনৰ ভিতৰত প্ৰতিমাহে দুটাকৈ সম্পূৰ্ণ ফিউজেজ নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত ভাৰতৰ বিমান নিৰ্মাণৰ শক্তি বৃদ্ধি পাব আৰু বিশ্বৰ বিমান নিৰ্মাণ খণ্ডত ভাৰতে বিশেষ স্থান লাভ কৰিব।
এই অংশীদাৰিত্বৰ অধীনত টাটা এডভান্সড চিষ্টেমে হায়দৰাবাদত ৰাফেল যুঁজাৰু বিমানৰ কিছু গুৰুত্বপূৰ্ণ অংশ নিৰ্মাণ কৰিব। ইয়াৰ ভিতৰত বিমানখনৰ পিছফাল, মাজ আৰু সন্মুখৰ অংশও অন্তৰ্ভুক্ত হ’ব।
ডাছ’ল্ট এভিয়েশনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া এৰিক ট্ৰেপিয়াৰে কয় যে এই সিদ্ধান্ত ভাৰতত বিমান নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বস্তুৰ যোগান শৃংখল শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ লগতে কয় যে টাটা এডভান্সড চিষ্টেমছৰ দৰে ভাৰতীয় কোম্পানীৰ সৈতে একেলগে কাম কৰিলে ৰাফেল যুঁজাৰু বিমানৰ উৎপাদন সহজ হ’ব।
ইয়াৰ লগতে ভাল মানৰ আৰু সস্তা যুঁজাৰু বিমানো নিৰ্মাণ কৰা সম্ভৱ হ’ব। টাটা এডভান্সড চিষ্টেমছৰ চিইঅ’ সুকৰ্ণ সিঙে কয় যে ভাৰতৰ মহাকাশ (বিমান নিৰ্মাণ) দিশত এই অংশীদাৰিত্ব এক বৃহৎ সফলতা। ইয়াৰ দ্বাৰা ভাৰতত আধুনিক আৰু শক্তিশালী বিমান নিৰ্মাণৰ প্ৰযুক্তিৰ বিকাশ ঘটিব।
এই চুক্তিয়ে ভাৰতৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধি কৰাই নহয়, দেশখনক অৰ্থনৈতিকভাৱেও শক্তিশালী কৰি তুলিব। ইয়াৰ দ্বাৰা ভাৰত বিশ্বৰ মহাকাশ যোগান শৃংখল অৰ্থাৎ বিমান নিৰ্মাণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















