অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা
বৰ্তমান ইংলেণ্ডত ৫ খনীয়া টেষ্ট শৃংখলা খেলি আছে ভাৰতীয় ক্ৰিকেট দলে। বৰ্তমানলৈ ১-১ সমতাত আছে ভাৰত-ইংলেণ্ড দুয়ো দল। পাছে অৱসৰ লোৱাৰ বাবে এই ছিৰিজত নাই ৰোহিত-বিৰাট যুটি। এই শৃংখলাৰ আগে আগে দুয়োগৰাকী খেলুৱৈয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি সকলো অনুৰাগীক হতাশ কৰিছিল।
তেতিয়াৰ পৰা অনুৰাগীসকলে প্ৰিয় তাৰকা কেলুৱৈদ্বয়ক খেলপথাৰত চাবৰ বাবে অপেক্ষা কৰি আছে। এতিয়া অনুৰাগীৰ অপেক্ষা অতি সোনকালে শেষ হোৱাৰ পথত।
জানিব পৰা অনুসৰি বিচিচিআই আৰু শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা সন্দৰ্ভত আলোচনা পূৰ্ণগতিত চলি আছে। এই ধাৰাবাহিকখন আগষ্ট মাহত দুয়োটা দলৰ মাজত আয়োজিত হোৱাৰ সম্ভৱনা। য’ত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক খেলা দেখা যাব।
উল্লেখ্য যে, আগষ্ট মাহত বাংলাদেশৰ সৈতে ভাৰতৰ ৩খনীয়া এদিনীয়া আৰু টি-২০ শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছিল, পাছে সেয়া এতিয়া ২০২৬ চনৰ আগষ্টলৈ পিছুৱাই দিয়া হৈছে। ইয়াৰ কাৰণ বাংলাদেশত চলি থকা ৰাজনৈতিক উত্তেজনা বুলি অনুমান কৰা হৈছে।
আনহাতে, শ্ৰীলংকা প্ৰিমিয়াৰ লীগো পিছুৱাই দিয়া হৈছে। যাৰ বাবে এতিয়া আগষ্ট মাহত দুয়ো দেশৰ অন্য খেল নথকাত শ্ৰীলংকা আৰু ভাৰতৰ ক্ৰিকেট ব’ৰ্ডত এই সন্দৰ্ভত অহৰহ চৰ্চা চলি আছে।
উল্লেখ্য যে, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক শেষবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াৰ হৈ খেলা দেখা গৈছিল। দুয়োগৰাকী খেলুৱৈৰ উপস্থিতিত টিম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰে। দুয়োগৰাকী খেলুৱৈয়ে বিশ্বকাপৰ খিতাপ দখল কৰি টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰি এতিয়া দুয়োগৰাকীয়ে ভাৰতৰ হৈ কেৱল এদিনীয়া মেচ খেলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















