অদৰকাৰী যদিও ৰেকৰ্ড, ভাৰতীয় দলে নিবিচৰা সত্তেও গঢ়িলে এক বিশ্ব অভিলেখ
ডুবাই ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত চলি আছে চেম্পিয়নছ ট্ৰফীৰ পঞ্চমখন খেল। এই মেচত পাকিস্তানৰ অধিনায়ক মহম্মদ ৰিজৱানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
মেচখনত ভাৰতে টছত পৰাস্ত হোৱাৰ লগে লগে ভাৰতীয় দলটোৰ নামত এটা লজ্জাজনক অভিলেখ পঞ্জীয়ন হয়। দৰাচলতে ভাৰত এতিয়া একেৰাহে সৰ্বাধিক বাৰ টছত পৰাস্ত হোৱা দেশত পৰিণত হৈছে।
য’ত দ্বাদশ বাৰৰ বাবে টছত পৰাস্ত হৈছে। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল নেদাৰলেণ্ডৰ নামত, যিয়ে ২০১১ চনৰ মাৰ্চৰ পৰা ২০১৩ চনৰ আগষ্টৰ ভিতৰত একেৰাহে ১১ বাৰ টছত পৰাস্ত হৈছিল। ভাৰতে সেই অভিলেখ ভংগ কৰি এইবাৰ সৈতে একেকাহে মুঠ ১২ বাৰ টছত পৰাস্ত হয়। যি অকপ্ৰকাৰৰ অদৰকাৰী যদিও ক্ৰিকেটাত ই এক বিশ্ব ৰেকৰ্ড।
টছৰ পাছত ভাৰতীয় অধিনায়ক ৰোহিতে কয়, ‘তেওঁলোকৰ বাবে টছত জয়ী হোৱাটো কোনো গুৰুতৰ কথা নহয়। মেচ জয়ী হোৱাটো গুৰুত্বপূৰ্ণ, যোৱ মেছৰ দৰে এইবাৰো টছত হাৰিলেও মেছত জিকিম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















