কোন খেলুৱৈয়ে ক’ত কিমান টকা পালে, ৰিজাৰ্ভ বেঞ্চত বহা খেলুৱৈয়েও লাভ কৰিলে ১ কোটিকৈ টকা
১৭ বছৰৰ বহু অপেক্ষাৰ অন্তত ভাৰতে লাভ কৰিছে টি-২০ বিশ্বকাপ। এম এছ ধোনিৰ পিছত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে দেশবাসীৰ সপোন পূৰণ কৰিছে।
২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পাছত ৪ জুন দিনা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১২৫ কোটি টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰে।
খবৰ অনুসৰি দলটোৰ ১৫ জন সদস্যই ৫ কোটি টকাকৈ লাভ কৰিব। মুখ্য প্ৰশিক্ষক দ্ৰাবিড়েও একে সমান ধন লাভ কৰাৰ বিপৰীতে বাকী প্ৰশিক্ষক গোটে ২.৫ টকাকৈ উপাৰ্জন কৰিব।
ভিডিঅ’ প্ৰডাকচন টিমকে ধৰি বেকৰুমৰ কৰ্মচাৰীয়ে ২ কোটি টকাকৈ লাভ কৰাৰ বিপৰীতে প্ৰাক্তন ক্ৰিকেটাৰ অজিত আগৰকাৰৰ নেতৃত্বত বাছনি সমিতিক ১ কোটি টকাকৈ দিয়া হ’ব। বিচিচিআইয়ে ৰিংকু সিং, খলিল আহমেদ, শুবমান গিল আৰু আৱেশ খানৰ দৰে ৰিজাৰ্ভ খেলুৱৈক ১ কোটি টকাকৈ পুৰস্কৃত কৰাৰ সিদ্ধান্ত লয়।
https://x.com/CricCrazyJohns/status/1810148409233506632
বিচিচিআইৰ উপৰিও ৰাজ্য চৰকাৰসমূহেও নিজ নিজ খেলুৱৈৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰে ৰোহিত, শিৱম ডুবে, যশস্বী জয়ছৱাল আৰু সূৰ্যকুমাৰ যাদৱক ১১ কোটি টকাৰে পুৰস্কৃত কৰিছিল যদিও এই বিষয়ে সবিশেষ চৰকাৰে ৰাজহুৱা কৰা নাই।
ইফালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) দল ভাৰতক ২৪.৫ মিলিয়ন ডলাৰ প্ৰদান কৰে, যিটো ভাৰতীয় হিচাপত প্ৰায় ২০.৩৭ কোটি টকা। বিচিচিআইৰ আৰ্থিক স্থিতিশীলতাই সকলো খেলুৱৈকে প্ৰায় ছয়গুণ পুৰস্কাৰ দি পুৰস্কৃত কৰাত সহায় কৰিছিল।
উল্লেখ্য যে, ১৯৮৩ চনত এদিনীয়া বিশ্বকাপ জয়ৰ পিছত ভাৰতীয় ক্ৰিকেট সংস্থাই প্ৰতিজন খেলুৱৈৰ বাবে ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল, যিটো বৰ্তমানৰ সময়ত খেলুৱৈসকলে পোৱাতকৈ বহু কম।
বিচিচিআইৰ ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, আইপিএলৰ শক্তি আৰু ইয়াৰ দ্বাৰা ভাৰতীয় ক্ৰিকেটক বিত্তীয় দিশত কেনেদৰে পৰিৱৰ্তন ঘটিল। তেওঁ উল্লেখ কৰে যে বিচিচিআইয়ে সকলো খেলুৱৈলৈও স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে যদি তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক অগ্ৰাধিকাৰ দিয়ে তেন্তে তেওঁলোকে আৰু অধিক ধন উপাৰ্জন কৰিব।
ইফালে বিচিচিআইৰ সম্পাদক জয় শ্বাহে নিশ্চিত কৰিছে যে আগন্তুক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে ৰোহিত অধিনায়ক হিচাপে থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ