আকৌ নিৰ্মীয়মান সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক৷ কমেও ৬-৮জন শ্ৰমিক আৱদ্ধ হৈ পৰিছে এই সুৰংগৰ ভিতৰত৷ শনিবাৰে হঠাৎ ভাঙি পৰে সুৰংগটো৷ ইতিমধ্যেই ঘটনাস্থলত উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷ ঘটনাক লৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিক ফোন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ উদ্ধাৰৰ কামত সকলোধৰণৰ সহায়ৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷
জনা গৈছে যে শনিবাৰে পুৱা তেলেংগানাৰ নাগাৰকুৰ্নুল জিলাৰ শ্ৰী শৈলম বান্ধৰ কাষত নিৰ্মিয়মান অৱস্থাত থকা সুৰংগটো ভাঙি পৰে৷ সেই সময়ত সুৰংগত কেইবাজনো শ্ৰমিকে কাম কৰি আছিল৷ কাম কৰি থকা অৱস্থাতেই সুৰংগটো ভাঙি পৰাৰ ফলত সুৰংগৰ ভিতৰতেই আৱদ্ধ হৈ পৰে শ্ৰমিকসকল৷ আৱদ্ধ শ্ৰমিকসকল মূলত জম্মু কাশ্মীৰ, উত্তৰপ্ৰদেশ আৰু ঝাৰখণ্ডৰ বাসিন্দা৷ কিছুদিন পূৰ্বৰে পৰাই এই সুৰংগটোৰ কাম আৰম্ভ হৈছিল৷ কিন্তু তাৰ মাজতেই ঘটিছে এই দুৰ্ঘটনা৷ সুৰংগটোক ছাদৰ প্ৰায় ১০ মিটাৰ অংশ ভাঙি পৰিছে৷ দ্ৰুত উদ্ধাৰকাজ আৰম্ভ কৰাৰ নিৰ্দেশ ইতিমধ্যেই দিছে তেলেংগানা চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ