অসম লাইভ২৪ঃ ‘একাংশ শিক্ষকে চাকৰি নকৰে, একাংশ শিক্ষক স্কুললৈ নাযায়, তেনে শিক্ষকৰ প্ৰৰোচনাত আপোনালোক নপৰিব, মোৰ টাৰ্গেট সেইসকল শিক্ষক, যি নিজৰ দায়িত্ব ভালদৰে পালন কৰা নাই।’ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে মাজুলীত কৰিছে এই মন্তব্য।
ষ্টেট পুল আৰু ঠিকাভিত্তিক শিক্ষকৰ পাৰদৰ্শিতা মূল্যায়ন এপক লৈ অসন্তুষ্ট মাজুলীৰ পাঁচ শতাধিক শিক্ষক। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ খং এইসকল শিক্ষকৰ। কিন্তু মন্ত্ৰী ডা০ পেগুৱে এইসকল শিক্ষকৰ সমস্যা সমাধান কৰাৰ সলনি দিলে ধমকহে। কিয় একাংশ শিক্ষকক ধমক দিলে দিলে শিক্ষামন্ত্ৰীয়ে?
সমগ্ৰ ৰাজ্যত টেট উত্তীৰ্ণ সহস্ৰাধিক শিক্ষকে হেৰুৱাব চাকৰি। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ নিৰ্দেশনা অনুযায়ী আৰম্ভ কৰা ঠিকাভিত্তিক শিক্ষকৰ পাৰদৰ্শিতা এপক লৈ ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ মাজত চাকৰি হেৰুওৱাৰ আশংকা ঘনীভূত হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী ডা০ ৰণোজ পেগুৱে এলানি কাৰ্যসূচী লৈ দেওবাৰে মাজুলীত উপস্থিত হোৱাত গড়মূৰ আৱৰ্ত ভৱনত মন্ত্ৰী ডা০ পেগুক মাজুলীৰ শতাধিক ষ্টেট পুল আৰু ঠিকাভিত্তিক শিক্ষকে সাক্ষাৎ কৰি শিক্ষকৰ পাৰদৰ্শিতা এপ’ৰ ওপৰত মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰে। এই সাক্ষাৎকাৰতেই শিক্ষকসকলৰ ওপৰত খৰ্গহস্ত হৈ মন্ত্ৰী ডা০ পেগুৱে একাংশ শিক্ষকক গালি পৰাত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। মন্ত্ৰী গৰাকীৰ এনে আচৰণত কেইবাজনো শিক্ষক আৰু শিক্ষত্ৰীয়ে এপৰ বিৰোধিতা কৰি পুনৰ শিক্ষকৰ পাৰদৰ্শিতাৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ বিষয়ত যুক্তি দৰ্শাই।
উল্লেখযোগ্য যে,চৰকাৰৰ নিৰ্দেশনা অনুসৰি শিক্ষকৰ যোগ্যাতাৰ বাবে যি ১৫০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব সেই পৰীক্ষাৰ মূল্যায়নত পৰীক্ষা পৰিষদৰ ১০০ নম্বৰৰ বিপৰীতে বিদ্যালয়।প্ৰধানে শিক্ষক সকলক ৫০ নম্বৰৰ প্ৰদান কৰিব পাৰিব।এনেস্থলত বহু বিদ্যালয়ত প্ৰধান শিক্ষকৰ সৈতে বহু শিক্ষকৰ সু-সম্পৰ্ক নথকাৰ বাবে বিদ্যালয় প্ৰধানে তেনে শিক্ষকক সঠিক মূল্য প্ৰদান নকৰিলে বহু শিক্ষকে চাকৰি হেৰুৱাব পাৰে বুলি শিক্ষক সকলে আশংকা প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ