অসম লাইভ২৪ঃ শেষ হোৱা নাই আজমল আখ্যান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জনোৱা আহ্বানে দেশজুৰি লাভ কৰিছে চৰ্চা। বদৰুদ্দিন আজমলে মন্তব্যক লৈ ক্ষমা খুজিছে যদিও বিতৰ্কৰ যেন ওপ পৰা নাই। আজমলে মুখ্যমন্ত্ৰীৰ লগতে হিন্দু সম্প্ৰদায় আৰু পৰোক্ষভাৱে মুছলমান নাৰী সমাজক কৰা অপমানৰ বাবে শনিবাৰে ক্ষমা খুজিছে যদিও শেহতীয়াকৈ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে শ্বেৰমান আলীয়ে।
আজমলৰ মন্তব্যক লৈ বিধায়ক শ্বেৰমান আলী আহমেদে মত প্ৰকাশ কৰি কয়, ‘মানুহ মাত্ৰে ভুল হয়, আজমলে ক্ষমা খুজিছে। তাৰ পিছত আৰু আজমল প্ৰসংগত কথা কোৱাৰ প্ৰয়োজন নাই। ফেচবুকীয়া মুছলমান বুদ্ধিজীৱীয়ে আজমলৰ ধ্বংস বিচাৰে। কিন্তু সেইসকল বুদ্ধিজীৱীয়ে নুবুজে ৰিয়েল গ্ৰাউণ্ড জিৰ ৰিপৰ্ট কি? আজমল শক্তিশালী হ’ব লাগিব, যাতে ভৱিষ্যতে কংগ্ৰেছো প্ৰেচাৰত থাকিব লগা হয়।’
শ্বেৰমান আলীয়ে এইদৰে সমালোচনাৰ পৰিৱৰ্তে সুৰক্ষা দিবলৈ গৈ কয়, ‘মাথোঁ আজমল নহয়, বহু হিন্দু ৰাজনৈতিক নেতাই মুছলমান মহিলাক জন্ম দিয়া মেচিন আখ্যা দিছে। তেনে ৰাজনৈতিক নেতাক আক্ৰমণ কৰাৰ পৰিৱৰ্তে আজমলকেই কিয় সকলোৱে হেঁচা দি ধৰিছে!’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ