অসম লাইভ২৪ঃ ‘মনে যদি টোকে চকুলো নিচুকাই দিবা নে অ’ দেউতা? সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে অ’ দেউতা, শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা…?’ তেজস্বিতাই সিদিনা তাইৰ সুৱলা কণ্ঠেৰে এই গীতত প্ৰাণ দিছিল। দেউতাকক নিচুকাই ৰাখিবলৈ আৱদাৰ কৰা তেজস্বিতাই আৰু কাহানিও আৱদাৰ নকৰে দেউতাকক। দেউতাকে হিয়া ঢাকুৰিয়াই কান্দিছে কিন্তু দেউতাকক নিচুকাবলৈ তেজস্বিতা নাই।
আজি ৭ অক্টোবৰ, এদিন দুদিনকৈ তেজস্বিতা হেৰাই যোৱাৰ আজি তিনিটা দিন পাৰ হৈ গৈছে। মাজুলীৰ আপোন ঘৰখনত তেজস্বিতাৰ তিলনিৰ আয়োজন কৰিলে আত্মীয়ই। জীয়ৰীৰ তিলনি কেনেকৈ সহে দেউতাকে! বাৰে বাৰে ঢলি পৰিছে তেজস্বিতাৰ পিতৃ। ভাঙি পৰা দেউতাকক দুহাতেৰে তুলি ধৰিছে আত্মীয়ই কিন্তু সান্ত্বনাই জানো দেউতাকৰ ভাঙি যোৱা মনটোক জোৰা দিব। জীয়ৰীক সামৰি দেখা সপোনবোৰ জানো কোনোবাই ওভতাই দিব পাৰিব? নাই পিতৃক বুজোৱাৰ ভাষা কাৰোৱে নাই।
অসহনীয় শোকাকুল পৰিবেশ এতিয়া তেজস্বিতাৰ গৃহত। জীৱনৰ জটিলতাবোৰ বুজি উঠাৰ আগতেই তেজস্বিতা গ’লগৈ। মাত্ৰ ১৪ টা আহিন গৰকা তেজস্বিতাই মৃত্যুৰ সৈতে লৈ গ’ল বহু সম্ভাৱনা। মাজুলীৰ আইলেণ্ড একাডেমীত তেজস্বিতা বৰুৱাৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজনতো দেখা গ’ল শোকাকুল পৰিবেশ। বিদ্যালয়খনত অধ্যয়নৰত তেজস্বিতাৰ বন্ধু-বান্ধৱীৰ চকুতো চকুলো। ইপিনে তেজস্বিতা বৰুৱাই সংগীতৰ শিক্ষা গ্ৰহণ কৰা সাধনা সাংস্কৃতিক কেন্দ্ৰইয়ো তেজস্বিতাৰ স্মৃতিত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ