অসম লাইভ ২৪ঃ পৰ্বতাৰোহী দীপশিখাৰ দেহ উদ্ধাৰ। হিমালয়ৰ বুকুতেই উদ্ধাৰ হ’ল দীপশিখাৰ মৃতদেহ। পৰ্বতৰোহণৰ বাবে যাওঁতে হিমালয়ৰ বুকুত নিখোজ হৈছিল দীপশিখা। উত্তৰাখণ্ডত ভয়াৱহ হিমস্খলনৰ ঘটনাত আৱদ্ধ হৈ পৰিছিল ৩০ৰো অধিক পৰ্বতাৰোহী।
উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছিল এই ঘটনা। ‘দ্রৌপদী কা দাণ্ডা’ নামৰ পাহাৰৰ চূড়াত আৰোহণৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন পৰ্বতাৰোহী। প্ৰতিষ্ঠানটোৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জনীয়া প্ৰশিক্ষকৰ দলটোৱে উভতি অহাৰ পথতেই সংঘটিত হৈছিল এই অঘটন। ৫ অক্টোবৰ তাৰিখে, ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হোৱা ভয়াৱহ হিমস্খলনত নিখোজ হৈ পৰিছিল দীপশিখাও।
উল্লেখ্য যে হিমালয় আৰোহণৰ বাবে গৈ নিখোজ হৈ পৰা অসমৰ তৃতীয়গৰাকী পৰ্বতৰোহী হৈছে দীপশিখা। ইয়াৰ পূৰ্বেও ১৯৭৯ চনৰ ৫ অক্টোবৰত অসমৰ পৰ্বতাৰোহী ৰোহিনী কুমাৰ ভূঞাই ৬৯৮০ মিটাৰ উচ্চতাৰ কেদাৰনাথ ড’ম শিখৰ আৰোহন কৰি উভতি অহাৰ পথত বৰফৰ ধুমুহাত সাবটি লৈছিল মৃত্যুক। আনহাতে ২০১২ চনত Explores সংগঠনৰ ৬১৬২ মিটাৰ উচ্চতাৰ গেংষ্টিং শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাসে High Altitude sickness-ত আক্ৰান্ত হৈ সাবটি লৈছিল মৃত্যুক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ