২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিজয় থালাপতিয়ে নতুন ৰাজনৈতিক দল ‘তামিলাগা ভেটৰি কাঝাগাম’ খুলিছে৷ বিগত লোকসভা নিৰ্বাচনত তেওঁলোকে নিৰ্বাচনী যুঁজ নমা নাছিল৷ আসন্ন বিধানসভা নিৰ্বাচনত ডি এম কেৰ সৈতে বুজাপৰা কৰিব পাৰে বুলি এক চৰ্চা হৈছিল৷ কিন্তু সকলোবোৰ চৰ্চা মিছা প্ৰমাণিত কৰি অকলেই যুঁজ দিয়াৰ কথা ঘোষণা কৰিছে তেওঁৰ দলে৷ দলে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পালে মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে বিজয়ৰ৷ অভিনেতাৰ পৰা নেতা হৈ উঠা বিজয়ে কি কি কৰাৰ কথা কৈছে ৰাজ্যবাসীক?
নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ব্যক্তিগত জীৱনক লৈ একাধিকবাৰ চৰ্চা হৈছে৷ বিবাহবিচ্ছেদৰ গোচৰ কৰিছে বিজয়ৰ পত্নী সংগীতাই৷ অভিনেত্ৰী তৃষা কৃষ্ণানৰ সৈতে সম্পৰ্কৰ গুঞ্জন৷ তেওঁ আৰু তৃষাৰ সম্পৰ্কক লৈ এতিয়াও জল্পনা তুংগত আছে৷ সেই সময়তে বিজয়ে এখন জনসভাৰ পৰা কৈছিল, ‘তেওঁৰ ব্যক্তিগত জীৱনৰ এই সকলো বিষয়ক লৈ চৰ্চা কৰাৰ প্ৰয়োজন নাই৷ এইবোৰত মিছাতে সময় নষ্ট হয়৷’
ইয়াৰোপৰি তেওঁ আকৌ কয়, তেওঁ সকলোবোৰ এৰি দিছে৷ ৰাজনীতিৰ বাদে তেওঁৰ জীৱনত আৰু একো নাই৷ যদিও নিৰ্বাচনৰ সময়তে পত্নীৰ সৈতে সম্পৰ্কৰ অৱনতিয়ে প্ৰভাৱ পেলাব পাৰে ভোটবক্সত৷ এই আশংকা তেওঁলোকৰ অনুৰাগীৰ৷ এই সময়তে বিজয়ে কৈছে তেওঁ প্ৰতিটো পৰিয়ালক ৬টাকৈ গেছ চিলিণ্ডাৰ বছৰি দিব৷ ইয়াৰোপৰি তেওঁ জনাই যে মহিলাসকলক মাহিলী ২৫০০ টকাকৈ ভাট্টা দিব হাত খৰচৰ বাবে৷ নানান জনদৰদী প্ৰকল্পই তেঁওক ৰাজনেতা কৰি তুলিবনে সেই উত্তৰ সময়ে দিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















