আপুনি বাৰু টোপনিহীনতাত ভুগিছে নেকি? অথবা টোপনিৰ বাবে বিচনাত পৰি ঘণ্টা ঘণ্টা ধৰি যুঁজি আছে নেকি? নিশা সাৰ পায় বিচনাত টোপনিৰ বাবে হামৰাও কাঢ়ি থাকে নেকি?
আপুনি যদি এই সমস্যাসমূহত আক্ৰান্ত হৈ আছে, তেনে আপোনাৰ এই সমস্যাসমূহ উপশমৰ বাবে আমি কেইটামান যোগাত্মক টিপছ আপোনালৈ আগবঢ়াইছো৷
তলৰ টিপছসমূহ প্ৰয়োগ কৰি আপুনি মাত্ৰ ৬০ ছেকেণ্ড অৰ্থাৎ ১ মিনিটৰ ভিতৰতে পুনৰ টোপনিত ঢলি পৰিব৷
আমি আপোনালৈ ৪-৭-৮ টোপনিৰ পদ্ধতিটোৰ কথা ক’ব খুজিছো, যাৰদ্বাৰা আপুনি এই সমস্যাসমূহৰ পৰা উদ্ধাৰ পাব পাৰে! এই পদ্ধতিটোক টোপনিত পুনৰ ঢলি পৰাৰ আটাইতকৈ সহজ পদ্ধতি হিচাপে অভিহিত কৰা হৈছে৷
এৰিজোনা বিশ্ববিদ্যালয়ৰ এজন ইণ্টিগ্ৰেটিভ মেডিচিন বিশেষজ্ঞ ডাঃ এণ্ড্ৰিউ ৱেইলৰ দ্বাৰা বিকশিত এই ৪-৭-৮ পদ্ধতিটো প্ৰাচীন মেডিটেচন আৰু উশাহ-নিশাহকেন্দ্ৰিক কৌশলৰে প্ৰস্তুত কৰা হৈছে।
আপুনি মাজনিশা সাৰ পালে এই পদ্ধতিটো প্ৰয়োগেৰে সুফল পাব পাৰে৷ নিয়মীয়াভাৱে পদ্ধতিটো অনুশীলন কৰিলে আপুনি ৬০ ছেকেণ্ডৰ ভিতৰত টোপনি যাবলৈ সক্ষম হোৱাৰ উপিৰও শ্বাস-প্ৰশ্বাসজনিত ৰোগ বা উশাহ-নিশাহত কষ্ট পাই থকা আদি বিভিন্ন স্বাসজনিত সমস্যাৰ পৰাও উদ্ধাৰ পাবলৈ সক্ষম হ’ব৷
অৱশ্যে ইয়াৰ বাবে আপুনি যথেষ্ট পৰিমাণে অনুশীলন কৰিব লাগিব৷ অৰ্থাৎ অভ্যাস কৰিব লাগিব আপুনি৷
কি এই ৪-৭-৮ পদ্ধতি অথবা ইয়াক আপুনি কেনেকৈ অনুশীলন কৰিব?
১. আৰামদায়ক অৱস্থান গ্ৰহণ কৰি শৰীৰটো শিথিল কৰি দিব৷
২. ইয়াৰ পিছত ৪ ছেকেণ্ডৰ বাবে কেৱল নাকেৰে উশাহ ল’ব৷
৩. তাৰ পিছত ৭ ছেকেণ্ডৰ বাবে উশাহটো ধৰি ৰাখিব৷
৪. এইবাৰ ৪ ছেকেণ্ডৰ বাবে মুখেৰে উশাহ এৰি হুক হুক শব্দ কৰিব৷
৫. ইয়াক আপুনি ৪ বাৰকৈ পুনাৰাবৃত্তি কৰিব৷
এইদৰে সদায় কৰিলে আপুনি ভোগী থকা সমস্যাসমূহৰ পৰা লাহে লাহে উদ্ধাৰ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ