ভাৰতৰ একমাত্ৰ ৰে’ল, য’ত যাত্ৰাৰ বাবে প্ৰয়োজন নাই টিকটৰ, টিকট অবিহনে যাত্ৰা যাত্ৰীৰ
বিশ্বাস কৰক বা নকৰত, এইখন ভাৰততে আছে এনে এখন বিশেষ ৰে’ল, যি ৰে’লে বিনামূলীয়াকৈ যাত্ৰা কৰায় যাত্ৰীক। ভাৰতত এনে এখন ৰে’ল আছে য’ত কোনো যাত্ৰীয়েই যাত্ৰা কৰিবলৈ ক্ৰয় কৰিব নালাগে টিকট।
যি সময়ত ভাৰতীয় ৰে’লৱেৰ প্ৰতিখন ৰে’লত টিকট অবিহনে যাত্ৰা কৰাটো অপৰাধ তাৰ বিপৰীতে, এখন এই অনন্য ৰে’লে বিগত ৭৫ বছৰ ধৰি একেবাৰে বিনামূলীয়াকৈ যাত্ৰা কৰি আছে। প্ৰতিদিনে শ শ লোকক যাত্ৰা কৰায় এই ট্ৰেইন খনে।
পাছে কোনে কিয় তেনেদৰে ৭৫ বছৰে ধৰি বিনামূলীয়াকৈ যাত্ৰা কৰায় যাত্ৰীক, আৰু কিমান দিন এনেকৈ চলি থাকিব?
এই ৰেলখন কেৱল যাত্ৰাৰ বাবেই নহয়, ইতিহাসৰ ঐতিহ্য বহন কৰাৰ বাবেও বিশেষভাৱে উল্লেখযোগ্য। আজিও যাত্ৰীক টিকট অবিহনে গন্তব্যস্থানলৈ লৈ যায় যাত্ৰীক।
ভাৰতত বিগত ৭৫ বছৰ ধৰি বিনামূলীয়াকৈ যাত্ৰী লৈ যোৱা এখন অনন্য ৰে’ল খনৰ নাম ভাকৰা-নাংগল ৰে’ল। ১৯৪৮ চনত আৰম্ভ হোৱা এই ৰেলখনৰ মূল উদ্দেশ্য আছিল ভাকৰা-নাংগল বান্ধ নিৰ্মাণত কৰ্মৰত শ্ৰমিক আৰু নিৰ্মাণ সামগ্ৰী পৰিবহণ কৰা। সেই ঐতিহ্য বহন কৰিয়ে আজিও এই ৰেলখনে কোনো ভাড়া নোহোৱাকৈ যাত্ৰা অব্যাহত ৰাখিছে।
পঞ্জাৱৰ নাংগল আৰু হিমাচল প্ৰদেশৰ ভাকৰাৰ মাজত ১৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ভাকৰা-নাংগল ৰে’লখনে। এই যাত্ৰা অতি বিশেষ কাৰণ বাটত এই ৰেলখনে ছতলেজ নদী আৰু শিৱলিক পাহাৰৰ মনোমোহা দৃশ্যৰ মাজেৰে পাৰ হৈ যায়।
এই পথত মুঠ ছটা ষ্টেচন আৰু তিনিটা সুৰংগ পাৰ কৰে ৰেল খনে। প্ৰতিদিনে প্ৰায় ৮০০ যাত্ৰীয়ে এই ৰেলখনত যাত্ৰা কৰে, য’ত স্থানীয় লোকৰ লগতে পৰ্যটকসকলো অন্তৰ্ভুক্ত।
অৱশ্যে এই ৰেলখন ভাৰতীয় ৰে’লৱেৰ আন আন ৰে’লৰ দৰে নহয়, বৰঞ্চ এই ৰে’লখন ভাকৰা বিয়াছ মেনেজমেণ্ট ব’ৰ্ড (বিবিএমবি)ৰ দ্বাৰা পৰিচালিত হয়। এই ৰে’লখন ভাড়া বিনামূলীয়াকৈ চলোৱাৰ সিদ্ধান্ত ব’ৰ্ডে গ্ৰহণ কৰিছিল যাতে দেশৰ উদ্যোগিক ইতিহাসৰ এই ঐতিহ্য সংৰক্ষণ কৰিব পৰা যায়।
ৰেলখনৰ আন এটা বিশেষত্ব হ’ল প্ৰথম অৱস্থাত ইয়াক ভাপ ইঞ্জিনেৰে চলোৱা হৈছিল যদিও ১৯৫৩ চনত ইয়াক ডিজেল ইঞ্জিনলৈ উন্নীত কৰা হয়। তাৰোপৰি ৰেল ডবাসমূহে আজিয়ো পুৰণি ঐতিহাসিক তাৎপৰ্য্যকে ধৰি ৰাখিছে, কাৰণ ৰেলখনৰ ডবা বোৰ বিভাজনৰ পূৰ্বে কৰাচীত কাঠেৰে নিৰ্মাণ কৰা হৈছিল। এই পুৰণি ডবাবোৰ আজিও ভালদৰে ৰক্ষণাবেক্ষণ কৰা হৈছে, যাৰ বাবে এই ৰেলখনে যাত্ৰীসকলক পুৰণি সময়ৰ কথা মনত পেলাই দিয়ে।
যদিও এই ৰে’লখন চলাবলৈ প্ৰতি ঘণ্টাত ১৮-২০ লিটাৰ ইন্ধনৰ প্ৰয়োজন হয়, তথাপিও বিবিএমবিয়ে ভাড়া বিনামূলীয়াকৈ চলোৱাৰ পৰম্পৰা বজাই ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ