এবাৰ দুবাৰ নহয়, মুঠ সাতবাৰ যমৰ দুৱাৰৰ পৰা উভতি আহিছে এই ব্যক্তি৷ ৭বাৰ মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা এই ব্যক্তিয়ে তাৰপিছতেই জয় কৰিছে লটাৰি৷ সেই লটাৰি জয়তেই কোটিপতি হৈছে ব্যক্তিগৰাকী৷ ক্ৰোয়োছিয়াৰ সংগীত শিক্ষক ফ্ৰান চেলাকৰ জীৱন কাহিনী জানিলে আপুনিও হতবাক হৈ পৰিব৷ তেওঁ বিশ্বৰ সকলোতকৈ ভাগ্যবান ব্যক্তি হিচাপে পৰিগণিতও হৈছে৷ ইমানবাৰ মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভতি আহিছে তেওঁ, যেন স্বয়ং যমৰাজেও তেওঁৰ ওচৰত হাৰ মানিছে৷
ট্ৰেইন দুৰ্ঘটনা
চন ১৯৬২৷ ফ্ৰানে ট্ৰেইন যাত্ৰা কৰাৰ সময়ত সেই ট্ৰেইন লাইনচ্যুত হৈ ষ্টানৰ এক বৰফৰ নৈত বাগৰি পৰে৷ সেই ভয়াৱহ দুৰ্ঘটনাত ১৭ জন যাত্ৰীৰ সলিলসমাধি ঘটিলেও বাচি যায় ফ্ৰান চেলাক৷ হাতৰ হাড় ভাঙি মাৰাত্মক ঠাণ্ডাত বহুসময় পৰি থকাৰ বাবে তেওঁ হাইপোথাৰ্মিয়াত আক্ৰান্ত হয়, কিন্তু কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁৰ৷
বিমান দুৰ্ঘটনা
ঠিক তাৰ পাছৰ বছৰ ১৯৬৩ চনত ঘটে আৰু এটা ভয়ংকৰ ঘটনা৷ ফ্ৰেনে বিমানযাত্ৰাৰ সময়ত মাজ আকাশত বিমানৰ দুৱাৰ হঠাৎ খুলি যায়৷ ছেলাকসহ বহু যাত্ৰী বিমানৰ পৰা ছিটিকি পৰে৷ কিন্তু ৰাখে হৰি মাৰে কোনে৷ সকলো মাটিত পৰিলেও তলত থকা এটা জাবৰৰ দমত পৰে ফ্ৰেন৷ এই ঘটনাত বিমানৰ ১৯ জন যাত্ৰীৰ মৃত্যু হলেও বাচি যায় ফ্ৰেন৷
বাছ দুৰ্ঘটনা
ৰে’লপথ, আকাশপথৰ পাছত এইবাৰ ঘাইপথতো দুৰ্ঘটনা৷ ১৯৬৬ চনত বাছ যাত্ৰা কৰাৰ সময়ত সেই বাছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ পৰা ছিটিকি নদীত পৰি যায়৷ সেই ঘটনাত চাৰিজনৰ মৃত্যু হলেও ফ্ৰেন বাচি যায়৷
বাহনত বিস্ফোৰণ
১৯৭০ আৰু ১৯৭৩ চনত দুবাৰকৈ তেওঁ যাত্ৰা কৰা বাহনত জুই লাগে৷ কিন্তু দুবাৰেই গুৰুতৰ জখম হলেও তেওঁ জ্বলন্ত বাহনৰ পৰা ওলাই আহিবলৈ সক্ষম হয়৷
বাছত খুন্দা
১৯৯৫ চনত ৰাস্তাতেই তেওঁক এখন বাছ আহি ধাক্কা মাৰে৷ আশ্চৰ্যজনকভাৱে সেই দুৰ্ঘটনাৰ পৰাও তেওঁ ৰক্ষা পৰে৷ লগা নাছিল কোনো গুৰুতৰ আঘাতো৷
খাদত বাহনসহিতে সোমাই পৰিছিল
১৯৯৬ চনত এদিন নিজেই বাহন চলাই যাত্ৰা কৰিছিল তেওঁ৷ হঠাৎ ব্ৰেক ফেইল হৈ যায় বাহনখন৷ নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ বাহন এটা দ খাদত সোমাই পৰে৷ কিন্তু শেষ মুহূৰ্তত তেওঁ বাহনৰ দুৱাৰ খুলি জাপ দিয়ে৷ বাহন খাদত পৰিলেও এজোপা গছৰ ডালত ওলমি থাকে৷
লটাৰী জয় ইমানবাৰ মৃত্যুমুখৰ পৰা বাচি অহাৰ পাছত ২০০৩ চনত ভাগ্য খুলি যায় তেওঁৰ৷ প্ৰায় ১১ লাখ ডলাৰ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫ কোটি টকাতকৈ বেছি মুল্যৰ লটাৰী জয় কৰে৷ সেই টকাৰেই নিজৰ বাবে ঘৰ আৰু এখন নৌকা ক্ৰয় কৰি বাকী ধন দান কৰি দিয়ে৷ অৱশেষত ২০১৬ চনত ৮৭ বছৰ বয়সয় বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয় ফ্ৰানে ছেলাক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















