পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজী বৃষ্টি মুখাৰ্জীৰ আত্মহ*ত্যাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি অৰ্থাৎ ১ ছেপ্টেম্বৰৰ পুৱা বীৰভূম জিলাৰ ৰামপুৰহাট আৰক্ষী থানাৰ অন্তৰ্গত কুসুম্বা গাঁৱৰ নিজ বাসগৃহৰ প্ৰথম মহলাত বৃষ্টিৰ মৃ*তদেহ উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, বৃষ্টি মুখাৰ্জী মমতা বেনাৰ্জীৰ সম্পৰ্কীয় ভাতৃ নিহাৰ মুখাৰ্জীৰ কন্যা। পুৱা প্ৰায় ৯ বজাত ঘৰৰ ওপৰৰ মহলাৰ এটা কোঠাত তেওঁৰ মৃ*তদেহ উদ্ধাৰ কৰা হয়। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ৰামপুৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে মৃ*তদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰামপুৰহাট চৰকাৰী মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰিছে। ঘটনাস্থলীৰ পৰা এতিয়ালৈকে কোনো ছুইচাইড নোট বা আত্মহ*ত্যাৰ সৈতে জড়িত আন কোনো স্পষ্ট প্ৰমাণ উদ্ধাৰ হোৱা নাই। উল্লেখ্য যে বৃষ্টি মুখাৰ্জীৰ বিৰুদ্ধে পশ্চিমবংগত প্ৰাথমিক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ জৰিয়তে চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই বিষয়টো লৈ তদন্ত চলিছিল আৰু তদন্তৰ সময়তে তেওঁৰ চাকৰিও বাতিল কৰা হৈছিল বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি, বৃষ্টি মুখাৰ্জী আৰু তেওঁৰ স্বামীৰ মাজতো শেহতীয়াকৈ বিৱাহ বিচ্ছেদৰ প্ৰক্ৰিয়া চলি আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে ব্যক্তিগত জীৱনৰ বিভিন্ন সমস্যাকে ধৰি আত্মহ*ত্যাৰ আঁৰত থকা সকলো সম্ভাব্য কাৰণ তদন্ত কৰিব লাগিব। ৰামপুৰহাট আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সদৰী কৰা মতে, আত্মহত্যাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। সকলো দিশ চালি-জাৰি চাই তদন্ত আগবঢ়োৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















