• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

3 weeks ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

1 minute ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

11 minutes ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

29 minutes ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

3 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

4 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

4 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

5 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

6 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

7 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

কি হ'ব মহিলাগৰাকীৰ শাস্তি?

editor by editor
September 1, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন
0
SHARES
948
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃদ্ধ পেঞ্চনক লৈ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। চৰকৰী নথিত প্ৰকৃত বয়সতকৈ ২৪ বছৰ বেছি দেখুৱাই ১০ বছৰে বৃদ্ধ পেঞ্চন লৈ অহাৰ তথ্য পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। অভিযোগ অনুসৰি, ৰাজ্যখনৰ বাদপুৰা ব্লকৰ বিচাৰপুৰা গাঁও পঞ্চায়তৰ এগৰাকী মহিলাই চৰকাৰী নথি-পত্ৰত নিজৰ বয়স ৬০ বছৰ বুলি দেখুৱাই প্ৰায় ১০ বছৰ ধৰি বৃদ্ধ পেঞ্চনৰ সুবিধা লৈ আহিছিল। কিন্তু তদন্তত মহিলাগৰাকীৰ প্ৰকৃত বয়স প্ৰায় ৩৬ বছৰ বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া কেৱল মহিলাগৰাকীৰ বিৰুদ্ধেই নহয়, চৰকাৰী আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন আৰু পৰীক্ষণ প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন হৈছে।

এই ঘটনাৰ সৈতে জড়িত মহিলাগৰাকী হৈছে শিৱৰাজ সিঙৰ পত্নী উমা দেৱী। অভিযোগ অনুসৰি, চৰকাৰী নথিত তেওঁৰ বয়স ৬০ বছৰ বুলি উল্লেখ কৰা হৈছিল। এই তথ্যৰ ভিত্তিত তেওঁ বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন লাভ কৰি আছিল। কিন্তু পিছত উত্থাপিত অভিযোগ আৰু তদন্তৰ সময়ত তেওঁৰ বৰ্তমান প্ৰকৃত বয়স প্ৰায় ৩৬ বছৰ বুলি জানিব পৰা যায়। অৰ্থাৎ ২৬ বছৰৰ পৰাই বিগত ১০ বছৰে মহিলাগৰাকীয়ে লাভ কৰি আছিল বৃদ্ধ পেঞ্চনৰ চৰকাৰী ধন। তদন্তত চৰকাৰী ৰেকৰ্ডত উল্লেখ কৰা বয়স আৰু প্ৰকৃত বয়সৰ মাজত প্ৰায় ২৪ বছৰৰ পাৰ্থক্য ধৰা পৰে।

ইয়াৰ পিছতে স্বাভাৱিকভাৱেই প্ৰশ্ন উঠিছে—ইমান বয়সৰ অমিল থকাৰ পিছতো মহিলাগৰাকীৰ নাম কেনেকৈ বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হ’ল? তদুপৰি, প্ৰায় এটা দশক ধৰি চলা পৰীক্ষণ প্ৰক্ৰিয়াত এই বিষয়টো কিয় ধৰা নপৰিল? সম্প্ৰতি বিচাৰপুৰা গ্ৰাম পঞ্চায়তৰ গাঁওৰ মুৰব্বী প্ৰতিনিধি মুকেশ কুমাৰে বিষয়টো জানিব পাৰি জিলা দণ্ডাধীশৰ জৰিয়তে জিলা সমাজ কল্যাণ বিভাগত লিখিত অভিযোগ দাখিল কৰে।

অভিযোগ লাভ কৰাৰ পিছতে সমাজ কল্যাণ বিভাগে বিষয়টো তদন্ত কৰিবলৈ আৰম্ভ কৰে। ২০২৬ চনৰ ১৩ আগষ্টত বিভাগৰ ফালৰ পৰা দিয়া উত্তৰত উল্লেখ কৰা হয় যে ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক পৰীক্ষণৰ সময়ত উমা দেৱীক বৃদ্ধ পেঞ্চনৰ বাবে অযোগ্য বুলি চিনাক্ত কৰা হৈছিল। ইয়াৰ পিছতে তেওঁৰ বৃদ্ধ পেঞ্চন বন্ধ কৰি দিয়া হয়। এই ঘটনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে—যদি মহিলাগৰাকীৰ প্ৰকৃত বয়স বৃদ্ধ পেঞ্চন লাভৰ বাবে নিৰ্ধাৰিত বয়সৰ সীমাৰ ভিতৰত নপৰে, তেন্তে তেওঁৰ নাম প্ৰথমে কেনেকৈ আঁচনিখনত অনুমোদিত হ’ল? ইয়াৰ লগতে, প্ৰতি বছৰে হিতাধিকাৰীৰ তথ্য পৰীক্ষা কৰা সত্ত্বেও ইমান ডাঙৰ বয়সৰ পাৰ্থক্য কিয় আগতেই ধৰা নপৰিল, সেই বিষয়টোও তদন্তৰ আওতালৈ আহিছে।

ইফালে, জিলা সমাজ কল্যাণ বিষয়া সন্ধ্যা ৰাণী বাঘেলে জানিবলৈ দিয়ে যে মহিলাগৰাকীক অযোগ্য বুলি চিনাক্ত কৰাৰ পিছতে তেওঁৰ পেঞ্চন বন্ধ কৰা হৈছে। বৰ্তমান বিষয়টো তদন্তাধীন হৈ আছে। তদন্তত যদি অভিযোগসমূহ সত্য বুলি নিশ্চিত হয়, তেন্তে নিয়ম অনুসৰি পূৰ্বতে লাভ কৰা পেঞ্চনৰ ধন উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Central Government pensioners
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
Next Post
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

'বিগত ৬ বছৰে মোক শান্তি দিয়া নাই' কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.