অসম লাইভ ২৪ঃ সৰুপর্দাৰ জনপ্ৰিয় কমেডি শ্ব’ ‘দ্য কপিল শর্মা শ্ব’ৰ অনুৰাগী হয়তো আপুনিও। কপিল আৰু অন্যান্য কমেডিয়ানসকলৰ অনবদ্য কমেডিয়ে আকর্ষণ কৰি আহিছে সকলোকে। পিছে অনুৰাগীসকলক আচৰিত কৰি ফেব্ৰুৱাৰীত বন্ধ কৰি দিয়া হ’ব টেলিভিচনৰ জনপ্ৰিয় এই শ্ব’টো। শ্ব’টো কিয় বন্ধ হ’ব, এই সম্বন্ধে বর্তমানেও কোনো কাৰণ ৰাজহুৱা কৰা নাই যদিও হ’ষ্ট কপিল শর্মাই জানিবলৈ দিয়ে যে তেওঁক কিছু কর্মবিৰতিৰ প্ৰয়োজন। দ্বিতীয়বাৰৰ বাবে পিতৃ হ’বলৈ ওলোৱা কপিল শর্মাই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ