অসম লাইভ২৪ঃ দিনে দিনে অনলাইন প্ৰতাৰণা বাঢ়িছে৷ ২০২৪ চনৰ প্ৰথম ঢাপতেই ছাইবাৰ প্ৰতাৰণা ৩৩ শতাংশলৈ বাঢ়িছে৷ এই দাবী কৰিছে চেক পয়েণ্ট ছফ্টৱেৰ টেকনজিছ লিমিটেডৰ ৰিপৰ্টে৷ অনলাইন প্ৰতাৰণাৰ পৰা বাচিবলৈ ছাইবাৰ বিশেষজ্ঞসকলৰ তৰফৰ পৰা নানা পৰামৰ্শ দিয়া হৈছে৷ কেনেকৈ সামান্য ভুলতেই সৰ্বস্বান্ত হৈছে সেই কথাও বুজাই দিছে ছাইবাৰ বিশেষজ্ঞসকলে৷ অনলাইন প্ৰতাৰণাৰ পৰা বাচিবলৈ কি কি পদ্ধতি অৱলম্বন কৰাটো জৰুৰী সেই কথাও বুজাই দিছে ছাইবাৰ বিশেষজ্ঞসকলে৷
৪ডিজিট পিন দিওঁতে এই ভুল নকৰিব
যি কোনো ছাইবাৰ আক্ৰমণৰ আটাইতকৈ সহজ পদ্ধতি হৈছে পিন হেক কৰা৷ ৪ ডিজিট পিনে একাউণ্টক সুৰক্ষিত কৰি ৰাখে৷ কিন্তু সৰু ভুলতে নিজেই নিজৰ বিপদ মাতি অনাৰ দৰে হয়৷ ৪ ডিজিট পিন চেট কৰাৰ সময়ত আমি এনে পিন চেট কৰো যি মনত ৰখা অতি সহজ৷ এইক্ষেত্ৰত ১২৩৮ যেনেকৈ ৰাখে তেনেকৈ বহুতেই নিজৰ জন্মদিন বা ফোন নম্বৰৰ প্ৰথম কিংবা শেষ চাৰিটা ডিজিট পিন হিচাপে ৰাখে৷ এই কাম কৰাটোৱেই মাৰাত্মক ভুল কাম৷
ছাইবাৰ প্ৰতাৰকে যেতিয়া আপোনাৰ মোবাইল বা কম্পিউটাৰ হেক কৰে তেতিয়া তেওঁলোকে আপোনাৰ ফোন নম্বৰ জন্মতাৰিখ বাহিৰ কৰাটো তেওঁলোকৰ বাবে বাওঁহাতৰ খেল৷ সহজেই তেওঁলোকে এই তথ্য বাহিৰ কৰি ল’ব পাৰে৷
সকলোতকৈ ব্যৱহৃত ৪ ডিজিট পিনসমূহ কি কি?
সম্প্ৰতি এক সমীক্ষাৰ গৱেষণাত দেখা গৈছে যে এই নম্বৰকেইটা সকলোতকৈ বেছি ব্যৱহাৰ কৰে ভাৰতৰ প্ৰায়সংখ্যক লোকেই৷ এই পিনসমূহ হৈছে-
১২৩৪
১১১১
০০০০
১২১২
৭৭৭৭
১০০৪
২০০০
৪৪৪৪
২২২২
৬৯৬৯
উল্লেখিত নম্বৰসমূহৰ মাজত যদি ইয়াৰে কোনোবা এটা আপোনাৰ একাউণ্টৰ পিন হয় তেন্তে অতিশীঘ্ৰেই এই পিন সলনি কৰক৷ অন্যথা যিকোনো সময়তে প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনি৷ সেয়ে আপোনাৰ কোনো ব্যক্তিগত একাউণ্টৰ পিন বা ছচিয়েল মিডিয়াৰ পাছৱৰ্ড, নিজৰ জন্মতাৰিখ বা বছৰ, ফোন নম্বৰৰ প্ৰথম চাৰিটা নম্বৰ নতুবা শেষৰ চাৰিটা নম্বৰ কেতিয়াও নাৰাখিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ