• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ আহিছে সুযোগ; ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ উজান!

আকৌ আহিছে সুযোগ; ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ উজান!

5 years ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

32 minutes ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

1 hour ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

3 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

4 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

4 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

6 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

7 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

9 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

9 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ আহিছে সুযোগ; ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ উজান!

editor by editor
March 3, 2022
in বাণিজ্য, ভাৰত
0
আকৌ আহিছে সুযোগ; ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ উজান!
0
SHARES
490
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ শ্বেয়াৰ বজাৰৰ প্ৰাথমিক কিছু বিষয় পূৰ্বৰ লেখাত আলোচনা কৰা হৈছে। আজি আমি শ্বেয়াৰ বজাৰত ধন উপাৰ্জন কৰাৰ সুযোগ সম্পৰ্কে আলোচনা কৰিম। আমাৰ জীৱনত সোণালী সুযোগ বাৰম্বাৰ নাহে বুলি এষাৰ কথা আছে। কিন্তু শ্বেয়াৰ বজাৰত এই কথাষাৰ প্ৰযোজ্য নহয়। কিয়নো শ্বেয়াৰ বজাৰত অধিক লাভ আৰ্জনৰ সুযোগ সুবিধা বাৰে বাৰে আহে।

অৱশ্যে এই সুযোগ সুবিধা বুজিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। অৰ্থাৎ শ্বেয়াৰ বজাৰ সম্পৰ্কত সাধাৰণ জ্ঞান থকা লোকে একেৰাহে ছয় মাহ সময় ইয়াৰ গতিবিধি লক্ষ্য কৰিলে সুযোগ সুবিধাসমূহ স্পষ্ট হৈ উঠে। আৰু সেই সময়ত বিনিয়োগ কৰিলে ২/৩ মাহৰ ভিতৰত বিনিয়োগ কৰা ধন দুগুণ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। কিন্তু এইখিনিতে প্ৰশ্ন হয়— এই সুযোগ সুবিধা কেতিয়া আৰু কেনেকৈ আহে?

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

ইয়াৰ পূৰ্বে ইতিমধ্যে আলোচনা কৰা হৈছে যে, শ্বেয়াৰ বজাৰত কোনো এটা কোম্পানীৰ শ্বেয়াৰ কিনা দামতকৈ অধিক দামত বিক্ৰী কৰাটোৱেই ব্যৱসায়। কোনো এটা কোম্পানীৰ শ্বেয়াৰ কিমান দামত কিনি কিমান দামত বিক্ৰী কৰা হ’ব সেইটো প্ৰতিগৰাকী লোক বা ট্ৰেডাৰ (শ্বেয়াৰ কিনা বেচা কৰোতা) ভেদে ভিন্ন হয়। তাৰ মাজতো লক্ষ্য কৰিবলগীয়া কথাটো হ’ল— সকলো কোম্পানীৰ শ্বেয়াৰৰ মূল্য এক নিৰ্দিষ্ট পৰিসৰত বঢ়া টুটা হয়।

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

এটা উদাহৰণ দিছো। ধৰা হ’ল কোনো এজন লোকে ক’ল ইণ্ডিয়া কোম্পানীৰ শ্বেয়াৰ কিনা বেচা কৰিব বিচাৰিছে। তেতিয়া তেওঁ জানিব লাগিব এই শ্বেয়াৰটোৰ দাম কিমানলৈ হ্ৰাস হয় বা কমে আৰু কিমানলৈ বাঢ়ে। ক’ল ইণ্ডিয়া কোম্পানীৰ শ্বেয়াৰৰ দাম ১২৫ টকালৈ হ্ৰাস হ’ব পাৰে আৰু বাঢ়িল ১৯০ টকা পৰ্যন্ত হয়। অৱশ্যে এয়া সময় সাপেক্ষহে। এই পৰিসৰ চিৰন্তন নহয়। ২০২২ চনৰ ডিচেম্বৰ মাহলৈকে ক’ল ইণ্ডিয়া কোম্পানীৰ শ্বেয়াৰৰ উঠা নমা এই পৰিসৰত থকাৰ সম্ভাৱনা অধিক।

ইয়াৰ পৰা এইটো স্পষ্ট হৈ উঠিছে যে, ক’ল ইণ্ডিয়া কোম্পানীৰ শ্বেয়াৰ ১২৫ টকা দৰত কিনিব পাৰিলে কম সময়ত অধিক লাভৰ সুযোগ থাকিব। সকলো শ্বেয়াৰৰ ক্ষেত্ৰত এই সূত্ৰ প্ৰযোজ্য হয়।

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?

এটা শ্বেয়াৰ বছৰটোৰ সৰ্বনিম্ন দৰত কিনিব পৰাটোৱে হৈছে সুযোগ আৰু তেতিয়া সৰ্বাধিক দামত বিক্ৰী কৰাৰ সুবিধা আহে। সাধাৰণতে এবছৰত এনে সুযোগ সুবিধা তিনিবাৰ পৰ্যন্ত আহিব পাৰে। ইয়াক পেছাদাৰী ট্ৰেডাৰসকলে — শ্বেয়াৰ বজাৰত ধনৰ উজান উঠা বুলি কয়। অন্য অৰ্থত শ্বেয়াৰ বজাৰত টকাৰ উজান আহে।

যোৱা এসপ্তাহৰ পৰা ভাৰতীয় শ্বেয়াৰ বজাৰত বেছি ভাগ কোম্পানীৰ শ্বেয়াৰৰ দাম যথেষ্ট কমিছে। মূলতঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত উদ্ভৱ হোৱা সামৰিক সংঘাট অথবা যুদ্ধৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত এক নিম্নমুখী ধাৰা চলিছে। কিন্তু এয়া সাময়িক। ইয়াৰ পিছত ভাৰতীয় শ্বেয়াৰ বজাৰ তীব্ৰ গতিত উৰ্ধমুখী হ’ব। গতিকে এই স্তৰত শ্বেয়াৰ কিনিব পাৰিলে অধিক লাভ আৰ্জনৰ সুযোগ সুবিধা থাকিব। সেইবাবে বহুতে শ্বেয়াৰ বজাৰত টকাৰ উজান উঠা বুলি ক’ব বিচাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalshare marketshare market tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

October 4, 2026
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
Next Post
নিজৰ মাজতেই গুলীয়াগুলী, ঘুচিয়াঘুচি ৰাছিয়ান সেনাৰ! কিয় লাগিছে এই কন্দল? 

নিজৰ মাজতেই গুলীয়াগুলী, ঘুচিয়াঘুচি ৰাছিয়ান সেনাৰ! কিয় লাগিছে এই কন্দল? 

সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!

সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.