মা দুৰ্গাৰ ভূৱনবিজয়ী ৰূপ, তেওঁৰ দহ হাতত দহ অস্ত্ৰ, ত্ৰিনয়নত অভয় জ্যোতি, কিন্তু মা দুৰ্গাৰ এই বিশেষ ৰূপৰ নেপথ্যত আছে বিশেষ শাস্ত্ৰীয় বাখ্যা৷ পুৰাণ মতে মহিষাসুৰক বধ কৰোতে সকলো দেৱতাই ধ্যানমগ্ন হৈ দেৱীৰ আৰাধনা কৰিছিল৷ সকলো দেৱতাৰ শক্তি সঞ্চিত হৈয়েই দেৱী দুৰ্গাৰ সৃষ্টি৷
দেৱী দুৰ্গাৰ তিনি চকু আৰু দহ হাত মূলত ৰূপক অৰ্থত ব্যৱহৃত হয়৷ হিন্দু শাস্ত্ৰৰ বিভিন্ন ধৰ্মগ্ৰন্থত দেৱীৰ এই ৰূপৰ বিভিন্ন বাখ্যা পোৱা যায়৷ কোৱা হয় দেৱীৰ বাওঁ চকু বাসনা বা চন্দ্ৰৰ প্ৰতীক৷ সোঁ চকু কৰ্ম বা সূৰ্যৰ প্ৰতীক৷ আকৌ কপালৰ নেত্ৰ হৈছে জ্ঞান বা অগ্নিৰ প্ৰতীক৷ দেৱী দুৰ্গাৰ ১০ হাতৰো বাখ্যা আছে৷ ৰূপক অৰ্থত দেৱীৰ দহ হাতত থাকে দহটি অস্ত্ৰ৷ এই সকলো অস্ত্ৰৰেই আছে নানান প্ৰতীকী অৰ্থ৷