• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

2 weeks ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

9 minutes ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

28 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

58 minutes ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

1 hour ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

2 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

20 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

21 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

21 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

22 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

23 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

23 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এছিয়ান গেমছত ওলাইছে জলপৰী

১৩ বছৰীয়া জলপৰী য়ু জিদিৰ ৰোমাঞ্চকৰ কাহিনী

editor by editor
September 25, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, লেখা
0
এছিয়ান গেমছত ওলাইছে জলপৰী
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বয়স মাত্ৰ ১৩ বছৰ। এই ১৩ বছৰ বয়সতে দখল কৰিলে এছিয়ান গেমছৰ পদকৰ হেইট্ৰিক, ৩টা স্বৰ্ণ। পদক দখল কৰা তিনিওটা ইভেণ্টতে নতুন গেমছ ৰেকৰ্ড। এই অবিশ্বাস্য কৃতিত্বৰে সম্প্ৰতি বিশ্ব সাঁতোৰৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চীনৰ কিশোৰী সাঁতোৰবিদ য়ু জিদি। এইবাৰৰ এছিয়ান গেমছত য়ু জিদিয়ে মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাই, ২০০ মিটাৰ ব্যক্তিগত মেডলী আৰু ৪০০ মিটাৰ ব্যক্তিগত মেডলী শাখাত স্বৰ্ণপদক জয় কৰে। কেৱল পদক দখলেই নহয় য়ু জিদিয়ে তিনিওটা ইভেণ্টতে গঢ়ে নতুন গেমছ ৰেকৰ্ড। ৪০০ মিটাৰ ব্যক্তিগত মেডলীত তেওঁৰ সময় আছিল ৪ মিনিট ২৮.৫৬ ছেকেণ্ড, যিটো পূৰ্বৰ এছিয়ান গেমছ ৰেকৰ্ডতকৈও প্ৰায় ৪.৫ ছেকেণ্ড কম। প্ৰথমে ২০০ মিটাৰ বাটাৰফ্লাইত ২:০৫.০৮ সময়ৰে স্বৰ্ণ জয় কৰি গেমছ ৰেকৰ্ড গঢ়ে। ইয়াৰ পিছত ২০০ মিটাৰ ব্যক্তিগত মেডলীত ২:০৬.১০ সময়ৰে দ্বিতীয়টো স্বৰ্ণ জয় কৰে। এইটো আছিল এছিয়ান ৰেকৰ্ডো। এই সাফল্যৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল—এনে বৃহৎ প্ৰাপ্তিৰ পিছতো য়ু জিদিয়ে নিজকে সম্পূৰ্ণ খেলুৱৈ বুলি গণ্য কৰা নাই।
য়ু জিদিৰ জন্ম ২০১২ চনৰ অক্টোবৰত চীনৰ হেবেই প্ৰদেশৰ বাউদিং চহৰত। সাঁতোৰৰ সৈতে তেওঁৰ পৰিচয় কোনো পৰিকল্পিত খেলুৱৈ জীৱনৰ ফল নাছিল। মাত্ৰ ৬ বছৰ বয়সত পিতৃৰ সৈতে এখন ৱাটাৰ পাৰ্কলৈ যোৱাৰ সময়ত এগৰাকী সাঁতোৰ প্ৰশিক্ষকৰ চকুত পৰে শিশুটি। পানীত তেওঁৰ অস্বাভাৱিক দক্ষতা দেখি প্ৰশিক্ষকজনে য়ু জিদিক সাঁতোৰৰ প্ৰশিক্ষণ ল’বলৈ উৎসাহিত কৰে। তাৰ পিছত য়ু তাইহুৱা জিনয়ে সাঁতোৰ ক্লাবত প্ৰশিক্ষণ আৰম্ভ কৰে। ২০২৪ চনত চীনৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সময়তো পঢ়া-শুনা আৰু প্ৰশিক্ষণ একেলগে চলোৱাৰ চাপ তেওঁৰ খেলুৱৈ জীৱনত প্ৰভাৱ পেলাইছিল। কিন্তু অতি সোনকালেই তেওঁ উপলব্ধি কৰে যে সাঁতোৰ তেওঁৰ জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। ২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ চীনৰ ৪×২০০ মিটাৰ মহিলা ফ্ৰীষ্টাইল ৰিলে দলৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১২ বছৰ। ইয়াৰ ফলত তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ সাঁতোৰত পদক জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। একেটা প্ৰতিযোগিতাতে তেওঁ তিনিটা ব্যক্তিগত ইভেণ্টত চতুৰ্থ স্থান লাভ কৰে। চতুৰ্থ স্থান লাভ কৰিলেও তেতিয়াই য়ু জিদি বিশ্ব সাঁতোৰৰ মানচিত্ৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হয়।
হংকঙৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী ছুইমাৰ ছিওভান হগেই জিদিৰ অসাধাৰণ প্ৰদৰ্শনক ছুইমিং জগতত দেখা পোৱা এক বৃহত্তৰ পৰিৱৰ্তনৰ অংশ হিচাপে অভিহিত কৰিছে। হগেই কয়, “বৰ্তমান আমি অধিক সংখ্যক কম বয়সীয়া প্ৰতিভাৱান ছুইমাৰক অতি ভাল প্ৰদৰ্শন কৰা দেখিবলৈ পাইছোঁ।” হগেই লগতে সাৱধানবাণী কৰি কয় যে- কম বয়সতে এনেদৰে ভাল প্ৰদৰ্শন কৰাটো নিশ্চিতভাৱে উৎসাহজনক। কিন্তু ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল—এই প্ৰতিভা আৰু সফলতা বয়স বঢ়াৰ লগে লগে, বিশেষকৈ ২০ বছৰ বা তাৰ পাছতো, ধৰি ৰাখিব পৰা যায় নে নাই।
চীনৰ এটা টেলিভিছন চেনলৰ সাক্ষাৎকাৰত য়ু জিদিক সোধা হৈছিল যে তেওঁ নিজকে প্ৰতিভাশালী বা ‘জিনিয়াছ’ বুলি ভাবে নেকি। ইয়াৰ উত্তৰত য়ু জিদিয়ে কৈছিল—“মই জিনিয়াছ নহয়, মই কেৱল কঠোৰ পৰিশ্ৰম কৰা এগৰাকী ছোৱালী।” তেওঁৰ এই মন্তব্যই প্ৰমাণ কৰে যে অসাধাৰণ প্ৰতিভাৰ লগতে কঠোৰ পৰিশ্ৰম আৰু অনুশীলনকো তেওঁ নিজৰ সফলতাৰ মূল কাৰণ হিচাপে গণ্য কৰে।
য়ু জিদিৰ ১৩ বছৰ বয়সতে একাধিক ৰেকৰ্ডৰ গৰাকী হোৱাৰ পিছত এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকক লৈও তেওঁৰ নাম চৰ্চালৈ আহিছে। অতি কম বয়সত এই পৰিমাণৰ প্ৰত্যাশা নিজেই এক প্ৰকাৰৰ মানসিক চাপ। য়ু জিদিৰ কাহিনী কেৱল ১৩ বছৰীয়া চেম্পিয়নৰ কাহিনী নহয়। ই হৈছে— বিশ্ব পৰ্যায়ত সফলতা লাভৰ বাবে এটি শিশুৱে নিজৰ ভালপোৱা কামটো চিনাক্ত কৰি সেই কামৰ বাবে শৈশৱৰ পৰাই কিমান কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়, তাৰ এক অসাধাৰণ উদাহৰণ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asian gamesasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

'দোস্তী'ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.