• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

3 weeks ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

28 minutes ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

2 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

12 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

12 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

13 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

13 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

14 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

14 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

16 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এছিয়ান গেমছত ওলাইছে জলপৰী

১৩ বছৰীয়া জলপৰী য়ু জিদিৰ ৰোমাঞ্চকৰ কাহিনী

editor by editor
September 25, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, লেখা
0
এছিয়ান গেমছত ওলাইছে জলপৰী
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বয়স মাত্ৰ ১৩ বছৰ। এই ১৩ বছৰ বয়সতে দখল কৰিলে এছিয়ান গেমছৰ পদকৰ হেইট্ৰিক, ৩টা স্বৰ্ণ। পদক দখল কৰা তিনিওটা ইভেণ্টতে নতুন গেমছ ৰেকৰ্ড। এই অবিশ্বাস্য কৃতিত্বৰে সম্প্ৰতি বিশ্ব সাঁতোৰৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চীনৰ কিশোৰী সাঁতোৰবিদ য়ু জিদি। এইবাৰৰ এছিয়ান গেমছত য়ু জিদিয়ে মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাই, ২০০ মিটাৰ ব্যক্তিগত মেডলী আৰু ৪০০ মিটাৰ ব্যক্তিগত মেডলী শাখাত স্বৰ্ণপদক জয় কৰে। কেৱল পদক দখলেই নহয় য়ু জিদিয়ে তিনিওটা ইভেণ্টতে গঢ়ে নতুন গেমছ ৰেকৰ্ড। ৪০০ মিটাৰ ব্যক্তিগত মেডলীত তেওঁৰ সময় আছিল ৪ মিনিট ২৮.৫৬ ছেকেণ্ড, যিটো পূৰ্বৰ এছিয়ান গেমছ ৰেকৰ্ডতকৈও প্ৰায় ৪.৫ ছেকেণ্ড কম। প্ৰথমে ২০০ মিটাৰ বাটাৰফ্লাইত ২:০৫.০৮ সময়ৰে স্বৰ্ণ জয় কৰি গেমছ ৰেকৰ্ড গঢ়ে। ইয়াৰ পিছত ২০০ মিটাৰ ব্যক্তিগত মেডলীত ২:০৬.১০ সময়ৰে দ্বিতীয়টো স্বৰ্ণ জয় কৰে। এইটো আছিল এছিয়ান ৰেকৰ্ডো। এই সাফল্যৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল—এনে বৃহৎ প্ৰাপ্তিৰ পিছতো য়ু জিদিয়ে নিজকে সম্পূৰ্ণ খেলুৱৈ বুলি গণ্য কৰা নাই।
য়ু জিদিৰ জন্ম ২০১২ চনৰ অক্টোবৰত চীনৰ হেবেই প্ৰদেশৰ বাউদিং চহৰত। সাঁতোৰৰ সৈতে তেওঁৰ পৰিচয় কোনো পৰিকল্পিত খেলুৱৈ জীৱনৰ ফল নাছিল। মাত্ৰ ৬ বছৰ বয়সত পিতৃৰ সৈতে এখন ৱাটাৰ পাৰ্কলৈ যোৱাৰ সময়ত এগৰাকী সাঁতোৰ প্ৰশিক্ষকৰ চকুত পৰে শিশুটি। পানীত তেওঁৰ অস্বাভাৱিক দক্ষতা দেখি প্ৰশিক্ষকজনে য়ু জিদিক সাঁতোৰৰ প্ৰশিক্ষণ ল’বলৈ উৎসাহিত কৰে। তাৰ পিছত য়ু তাইহুৱা জিনয়ে সাঁতোৰ ক্লাবত প্ৰশিক্ষণ আৰম্ভ কৰে। ২০২৪ চনত চীনৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সময়তো পঢ়া-শুনা আৰু প্ৰশিক্ষণ একেলগে চলোৱাৰ চাপ তেওঁৰ খেলুৱৈ জীৱনত প্ৰভাৱ পেলাইছিল। কিন্তু অতি সোনকালেই তেওঁ উপলব্ধি কৰে যে সাঁতোৰ তেওঁৰ জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। ২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ চীনৰ ৪×২০০ মিটাৰ মহিলা ফ্ৰীষ্টাইল ৰিলে দলৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১২ বছৰ। ইয়াৰ ফলত তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ সাঁতোৰত পদক জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। একেটা প্ৰতিযোগিতাতে তেওঁ তিনিটা ব্যক্তিগত ইভেণ্টত চতুৰ্থ স্থান লাভ কৰে। চতুৰ্থ স্থান লাভ কৰিলেও তেতিয়াই য়ু জিদি বিশ্ব সাঁতোৰৰ মানচিত্ৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হয়।
হংকঙৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী ছুইমাৰ ছিওভান হগেই জিদিৰ অসাধাৰণ প্ৰদৰ্শনক ছুইমিং জগতত দেখা পোৱা এক বৃহত্তৰ পৰিৱৰ্তনৰ অংশ হিচাপে অভিহিত কৰিছে। হগেই কয়, “বৰ্তমান আমি অধিক সংখ্যক কম বয়সীয়া প্ৰতিভাৱান ছুইমাৰক অতি ভাল প্ৰদৰ্শন কৰা দেখিবলৈ পাইছোঁ।” হগেই লগতে সাৱধানবাণী কৰি কয় যে- কম বয়সতে এনেদৰে ভাল প্ৰদৰ্শন কৰাটো নিশ্চিতভাৱে উৎসাহজনক। কিন্তু ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল—এই প্ৰতিভা আৰু সফলতা বয়স বঢ়াৰ লগে লগে, বিশেষকৈ ২০ বছৰ বা তাৰ পাছতো, ধৰি ৰাখিব পৰা যায় নে নাই।
চীনৰ এটা টেলিভিছন চেনলৰ সাক্ষাৎকাৰত য়ু জিদিক সোধা হৈছিল যে তেওঁ নিজকে প্ৰতিভাশালী বা ‘জিনিয়াছ’ বুলি ভাবে নেকি। ইয়াৰ উত্তৰত য়ু জিদিয়ে কৈছিল—“মই জিনিয়াছ নহয়, মই কেৱল কঠোৰ পৰিশ্ৰম কৰা এগৰাকী ছোৱালী।” তেওঁৰ এই মন্তব্যই প্ৰমাণ কৰে যে অসাধাৰণ প্ৰতিভাৰ লগতে কঠোৰ পৰিশ্ৰম আৰু অনুশীলনকো তেওঁ নিজৰ সফলতাৰ মূল কাৰণ হিচাপে গণ্য কৰে।
য়ু জিদিৰ ১৩ বছৰ বয়সতে একাধিক ৰেকৰ্ডৰ গৰাকী হোৱাৰ পিছত এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকক লৈও তেওঁৰ নাম চৰ্চালৈ আহিছে। অতি কম বয়সত এই পৰিমাণৰ প্ৰত্যাশা নিজেই এক প্ৰকাৰৰ মানসিক চাপ। য়ু জিদিৰ কাহিনী কেৱল ১৩ বছৰীয়া চেম্পিয়নৰ কাহিনী নহয়। ই হৈছে— বিশ্ব পৰ্যায়ত সফলতা লাভৰ বাবে এটি শিশুৱে নিজৰ ভালপোৱা কামটো চিনাক্ত কৰি সেই কামৰ বাবে শৈশৱৰ পৰাই কিমান কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়, তাৰ এক অসাধাৰণ উদাহৰণ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asian gamesasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব
বিনোদন

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

October 17, 2026
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী
বিনোদন

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

October 17, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 17, 2026
Next Post
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

'দোস্তী'ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.