• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

3 months ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

4 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

4 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

4 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

5 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

5 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

6 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

6 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

8 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

9 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

10 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

10 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

তাজমহল নে তেজু মহালয়া?

editor by editor
July 6, 2026
in বিবিধ, ভাৰত, লেখা
0
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্ঞানব্যাপী মছজিদ-সম্পৰ্কীয় আইনী বিতৰ্কৰ মাজতে এতিয়া পুনৰ বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহলক লৈ নতুন বিতৰ্কৰ সূচনা হৈছে। এলাহাবাদ উচ্চ ন্যায়ালয়ত চলি থকা এখন আবেদনৰ শুনানিৰ সময়ত আদালতে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ (ASI)ক বিষয়টোৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰি তথ্যভিত্তিক উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে তাজমহল পুনৰ ৰাজনৈতিক, ঐতিহাসিক আৰু আইনী মহলৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই গোচৰটোত আবেদনকাৰী পক্ষই দাবী কৰিছে যে– তাজমহলত আচলতে ‘তেজু মহালয়া’ নামৰ এটা প্ৰাচীন শিৱ মন্দিৰ আছিল, যাক মোগল সম্ৰাট শ্বাহজাহানে পৰৱৰ্তী সময়ত সমাধিসৌধলৈ ৰূপান্তৰিত কৰিছিল। এই দাবীৰ সমৰ্থনত তাজমহল চৌহদত বৈজ্ঞানিক সমীক্ষা, আধুনিক প্ৰযুক্তিৰে অনুসন্ধান আৰু প্ৰয়োজন অনুসৰি খননকাৰ্য চলোৱাৰ দাবীও উত্থাপন কৰা হৈছে।

কি কয় ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে

অৱশ্যে এই দাবীসমূহ এতিয়াও আদালত বা ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ (ASI)-এ সত্য বুলি স্বীকৃতি দিয়া নাই। অধিকাংশ স্বীকৃত ইতিহাসবিদ আৰু পুৰাতত্ত্ব বিশেষজ্ঞৰ মতে, তাজমহল ১৭শ শতিকাত মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মুমতাজৰ স্মৃতিত নিৰ্মাণ কৰা সমাধিসৌধ। এই বিষয়ত ASI-এ পূৰ্বেও তাজমহলক মোগল যুগৰ স্থাপত্য নিদৰ্শন বুলি অভিহিত কৰি ‘তেজু মহালয়া’ তত্ত্বৰ সমৰ্থনত কোনো বিশ্বাসযোগ্য পুৰাতাত্ত্বিক প্ৰমাণ নাই বুলি আদালতত নিজৰ স্থিতি প্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বে আগ্ৰাৰ এখন নিম্ন আদালতে তাজমহলৰ সমীক্ষা সম্পৰ্কীয় আবেদন খাৰিজ কৰিছিল। কিন্তু সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আবেদনকাৰী পক্ষ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। শুনানিৰ সময়ত ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰাৱালে কেন্দ্ৰীয় চৰকাৰ আৰু ASIক বিষয়টোৰ ওপৰত বিশদ তথ্য, পুৰাতাত্ত্বিক নথি-পত্ৰ, ঐতিহাসিক ৰেকৰ্ড আৰু চৰকাৰী স্থিতি আদালতৰ সন্মুখত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

কি কয় এলাহবাদ উচ্চ ন্যায়ালয়ে?

আদালতে বৰ্তমানলৈকে তাজমহলত সমীক্ষা বা খননকাৰ্য চলোৱাৰ কোনো চূড়ান্ত নিৰ্দেশ জাৰি কৰা নাই। বৰঞ্চ আদালতে প্ৰথমে চৰকাৰ আৰু ASI-ৰ ব্যাখ্যা বিচাৰিছে, যাতে উপলব্ধ ঐতিহাসিক আৰু পুৰাতাত্ত্বিক তথ্যৰ ভিত্তিত বিষয়টো মূল্যায়ন কৰিব পৰা যায়। আবেদনকাৰী পক্ষৰ অধিবক্তাৰ মতে, যদি চৰকাৰ বা ASI-এ সন্তোষজনক আৰু তথ্যসমৃদ্ধ উত্তৰ দিব নোৱাৰে, তেন্তে আদালতে বৈজ্ঞানিক পদ্ধতিৰে সমীক্ষা অথবা প্ৰয়োজন অনুসৰি সীমিত পৰিসৰত খননৰ দাবী বিবেচনা কৰিব পাৰে। কিন্তু এই বিষয়ত এতিয়াও কোনো নিৰ্দেশ জাৰি হোৱা নাই।

তাজমহল নে তেজু মহালয়া?

উল্লেখযোগ্য যে তাজমহলক ‘তেজু মহালয়া’ বুলি দাবী কৰাৰ ধাৰণাটো বহু দশক ধৰি বিতৰ্কৰ বিষয় হৈ আহিছে। বিশেষকৈ লেখক পি. এন. ওকৰ গ্ৰন্থসমূহৰ জৰিয়তে এই তত্ত্ব প্ৰচাৰ লাভ কৰিছিল। কিন্তু ভাৰতৰ বিভিন্ন আদালতে পূৰ্বে এনে দাবীক সমৰ্থন কৰিব পৰাকৈ কোনো নিশ্চিত ঐতিহাসিক বা পুৰাতাত্ত্বিক প্ৰমাণ পোৱা হোৱা নাই বুলি মন্তব্য কৰিছে। ASI-এও একাধিকবাৰ এই দাবী নাকচ কৰিছে। এতিয়া সকলোৰে দৃষ্টি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী শুনানিৰ ওপৰত। কেন্দ্ৰীয় চৰকাৰ আৰু ASI-এ আদালতত কি তথ্য আৰু ব্যাখ্যা দাখিল কৰে, তাৰ ওপৰতে এই গোচৰৰ পৰৱৰ্তী দিশ বহু পৰিমাণে নিৰ্ভৰ কৰিব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24tajmahal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.